আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি উপলব্ধ কৰা হ’ল ‘নেতা’ এপ

আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি উপলব্ধ কৰা হ’ল ‘নেতা’ এপ

author-image
asomiyapratidin
New Update
আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি উপলব্ধ কৰা হ’ল ‘নেতা’ এপ

ডিজিটেল ডেস্কঃ উপলব্ধ হ'ল 'নেতা' নামৰ এটা নিৰ্ভৰযোগ্য এপ। যিটো এপত আপুনি আপোনাৰ সমষ্টিৰ বিধায়কজনৰ ৰিপৰ্ট কাৰ্ড পাব লগতে দিবও পাৰিব। যোৱা পাঁচটা বছৰত বিধায়ক জনে কি কি কাম কৰিলে, পৰৰ্ৱতী নিৰ্বাচনৰ বাবে তেওঁ যোগ্য হয়নে নহয়, এইসকলোবোৰ তাত পাব। আপুনি যদি নতুন কাৰোবাক মনোনীত কৰিব বিচাৰে তাৰো অপচন আছে।

Advertisment

মুঠতে 'নেতা' নামৰ এই এপটো অত্যন্ত নিৰ্ভৰযোগ্য বুলি বিবেচিত হৈছে। মেনিপুলেচনৰ কোনো সুযোগেই নাই। প্ৰকৃত সত্যটো ইয়াত পোৱা যাব। ২০১৯চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি ইয়াক সজোৱা হৈছে, যাতে ভাৰতৰ জনসাধাৰণে অলপ হ'লেও কেইজনমান যোগ্য প্ৰতিনিধি লাভ কৰে।

কাৰিকৰী দিশৰ পৰাও এপটো যথেষ্ট শক্তিশালী। কোনো ব্যক্তিয়েই ইয়াত দুবাৰকৈ তথ্য দিব নোৱাৰে। এই এপটোৰ গুৰুত্ব লাহে লাহে বাঢ়ি আহিছে কাৰণ ইলেকচন কমিছনেও হেনো এই এপটোক আন অফিচিয়েলি লাহে লাহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে।