/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nagaonn.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱা আৰক্ষী চকীত আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ ব্যক্তি এজনক হত্যা কৰাৰ অভিযোগক কেন্দ্ৰ কৰি একাংশ দুষ্কৃতিকাৰীয়ে থানা জ্বলাই দিয়া কাণ্ডক উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
সমান্তৰালভাৱে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ঘটনাটোৰ ন্যায়িক তদন্ত কৰি সমগ্ৰ ঘটনাটো ৰাজহুৱা কৰিবলৈ চৰকাৰক দাবী জনায় নেমছু'ই। থানা জ্বলাই দিয়া দোষী সকলক উচিত শাস্তি প্ৰদান কৰিব লৈ দাবী জনাইছে উত্তৰ পূৱ সংখ্যালঘু ছাত্ৰ সন্থাই)।
আনহাতে একে সময়তে প্ৰশাসনে অপৰাধী সকলৰ ঘৰ বাৰী ভাঙি-ছিঙি তচনচ কৰি উচ্ছেদ কৰাটো নিন্দা কৰি নেমছু'ৰ সভাপতি বদৰুল ইছলামে কয় যে ঘৰবাৰী উচ্ছেদ কৰাটো সম্পূৰ্ণ বে-আইনী আৰু অমানৱীয় কাম কৰা হৈছে। কিয়নো উচ্ছেদ কৰা ঘৰ সমূহত বহু নিষ্প্ৰাপ শিশু-বৃদ্ধাৰ লগতে ঘটনাৰ লগত জড়িত নথকা ব্যক্তিও তাতে বসবাস কৰিছিল।
উচ্ছেদিত লোক সকল এই বাৰিষা কালত ক'ত যাব, ক'ত থাকিব, কি খাব আৰু কি কৰিব বুলি চৰকাৰ আৰু প্ৰশাসক প্ৰশ্ন কৰে নেমছু'ৰ সভাপতি বদৰুল ইছলামে। মহামান্য আদালতলৈ বাট নাচায় কি কাৰণত ঘৰ সমূহ প্ৰশাসনে নিজেই বুলডজাৰ চলাই ধ্বংস কৰিলে ই এক ৰহস্যজনক বিষয় হিচাবে বিবেচনা কৰিছে সংগঠনটোৱে। আদালতে বিচাৰ কৰাৰ পূৰ্বেই নিজেই বিচাৰ কৰিলে নেকি প্ৰশাসনে? আইনী ব্যৱস্থাৰ জৰিয়তে আদালতৰ মজিয়াত দোষীক শাস্তি দিব লাগিছিল। কিন্তু প্ৰশাসনেই যদি এনেকুৱা কৰে সাধাৰণ মানুহে কি নকৰিব।
আইন-আদালতৰ সিদ্ধান্তক সন্মান জনাই সকলোৱে অপেক্ষা কৰিব লাগিছিল বুলি মন্তব্য কৰে নেমছুৰ সভাপতি বদৰুল ইছলামে। ছফিকুলক যদি হাঁহ আৰু টকা ১০ হেজাৰ নিদিয়াৰ বাবেই হত্যা কৰা হৈছে সেই বিষয়টোক লৈ ছফিকুলৰ পৰিয়ালে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিব পাৰিলেহেতেন।
আইন হাতত তুলি লৈ ছফিকুলৰ পৰিয়ালেও ঘৃণনীয় কাম কৰিছে। লগতে নেমছুৰ সভাপতি বদৰুল ইছলামে কয় যে ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। যি সময়ত অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতি নিচান পাবলৈ সক্ষম হৈছে সেই সময়তে পুলিচৰ সন্মুখতে দুষ্কৃতিকাৰীয়ে আৰক্ষী চকীত অগ্নি সংযোগ কৰিবলৈ কেনেকৈ সাহস পালে। থানা আক্ৰমণৰ সময়ত ব্লেং ফায়াৰ, লাঠি চার্জ, কন্দুৱা গেছ আদি কিয় প্ৰয়োগ নকৰিলে।
লগতে তেওঁ কয় যে ঘটনাটোক কোনো দুষ্ট চক্ৰই যাতে সাম্প্ৰদায়িক ৰং সানিব নোৱাৰে তাৰ বাবে প্ৰশাসক তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান সংগঠনটোৰ। চৰকাৰ-প্ৰশাসন সকলো শ্ৰেণীৰ লোকক শান্তি-সম্প্ৰতি বজাই ৰাখিবলৈ আহ্বান জনায় নেমছু'ই। ইয়াৰোপৰি বটদ্ৰৱা থানাত ছফিকুল ইছলামক হত্যা কৰাৰ অভিযোগ, হাঁহ আৰু টকা দহ হেজাৰ দাবী কৰা সমগ্ৰ ঘটনাটোৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাবলৈ অসম চৰকাৰক আহ্বান নেমছুৰ।
আৰু পঢ়ক: বামুনীমৈদামত পিতৃৰ বাইকত উঠি অহা শিশুক অপহৰণৰ চেষ্টা…