নগাঁৱত এইডছৰ সজাগতা অভিযান...

নগাঁৱত এইডছৰ সজাগতা অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : আন্তৰ্জাতিক যুৱ দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সৌজন্যত আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে নেহেৰুবালি খেলপথাৰ পৰা এইচ আই ভি/এইডছৰ সজাগতাৰ সন্দৰ্ভত এক পদ যাত্ৰা সমদল উলিওৱা হয় । উক্ত সমদলটি শুভাৰম্ভ কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। ইয়াৰ পিছতে নগাঁও মহাবিদ্যালয়ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত এইচ আই ভি/এইডছৰ এক ব্যাপক সজাগতা অভিযানৰ (Intensive IEC Campaign) উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

এই অভিযানৰ লক্ষ্য গোট হৈছে যুৱক-যুৱতী আৰু কলেজীয়া ছাত্ৰ- ছাত্ৰী সকলক এইচ আই ভি/এইডছ সজাগতাত জড়িত হবলৈ অনুপ্ৰেৰণা যোগোৱা। এই সজাগতা অভিযানৰ জৰিয়তে ৬০ দিনৰ ভিতৰত জিলাখনৰ ১০০ খন গাঁও সামৰি লোৱা হ’ব। নগাঁও মহাবিদ্যালয়ৰ (অ'টনমাছ)প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা সমন্বয়ক,আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ কাৰ্যসূচী বিষয়া, এন এছ এছ ইউনিটৰ ড° ভূবন চন্দ্ৰ চুতীয়াই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে নগাঁও মহাবিদ্যালয় (স্বায়ত্ব)ৰ অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ মজিন্দাৰে ।

তেখেতে বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই যুৱপ্ৰজন্মক ইয়াৰ সু-প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । সভাত জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ গুলজাৰ হুছেইনে সভাৰ উদ্দেশ্য বাখ্যা কৰি এইচ আই ভি/এইডছ সম্পৰ্কে বিশদ বিৱৰণ আগবঢ়াই । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা উন্নয়ন আয়ুক্ত গুনজিত কাশ্যপে তেওঁৰ ভাষণত কয় যে, যুৱসমাজ হৈছে এখন সমাজৰ মেৰুদণ্ড স্বৰূপ । তেখেতে যুবশক্তিক এখন নিচা মুক্ত আৰু শৃংখলাবদ্ধ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত সংকল্পবদ্ধ হবলৈ লগতে ড্ৰাগছ আৰু এইচ আই ভি/এইডছ সম্পৰ্কত সমাজত সজাগতা অনাৰ ক্ষেত্ৰত ৰূপায়িত কৰা বিভিন্ন কাৰ্যসূচী সমূহত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগে এইচ আই ভি/এইডছৰ আইন সম্পৰ্কে বক্তব্য আগবঢ়াই । এই অনুষ্ঠানতে মায়ঙ এণ্ড মনোমেণ্ট আৰু নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন সপোনৰ প্ৰাপ্তিয়ে ড্ৰাগছ আৰু এইচ আই ভি/এইডছৰ ওপৰত দুখন সজাগতামূলক চুটি নাট প্ৰদৰ্শন কৰে । এই অনুষ্ঠানতে ৰাজ্যিক ভিত্তিত খেল মহাৰণত অংশগ্ৰহণ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁৱৰ যুবপ্ৰতিভা,খেলুৱৈ নয়ন জ্যোতি বৰা আৰু পাহি কেওট লগতে ইউটিউবাৰ সমীৰ বৰাক সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত উপস্থিত সকলোৱে এখন ড্ৰাগছ ও নিচা মুক্ত নগাঁও গঢ়াৰ সংকল্প গ্ৰহণ কৰে।

আজিৰ সভাত জিলা অতিৰিক্ত আয়ুক্ত(স্বাস্থ্য) প্ৰণৱ দত্ত গোস্বামী, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়া, DISHAৰ জিলা সহকাৰী সঞ্চালক ও ডাটা মনিটৰিং ও ডকুমেণ্টেচন বিষয়া জুৱেৰুল অমিন, স্বেচ্ছাসেৱী সংগঠন সপোনৰ প্ৰাপ্তিৰ সভাপতি নৱনীতা শৰ্মা, সম্পাদিকা অংকিতা শইকীয়া বৈদ্য আৰু বিষয়ববীয়া সকল, নগাঁও মহাবিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা অধ্যাপক-অধ্যাপিকা ও ছাত্ৰ-ছাত্ৰী সকল ,এন এছ এছ আৰু জিলা এইডছ নিয়ন্ত্ৰণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in