নীটত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ৩ ছাত্ৰ-ছাত্ৰীৰ সফলতা

নীটত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ৩ ছাত্ৰ-ছাত্ৰীৰ সফলতা

ডিজিটেল ডেস্কঃ সদ্য ঘোষিত নীটত সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসাবিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে, আৱাসিক বিদ্যালয়খনৰ পৰা এইবাৰে প্ৰথমটো বেটছে নীটত অৱতীৰ্ণ হৈছিল।

বিদ্যালয়খনৰ মেধাৱী ছাত্ৰ চন্দ্ৰপল পাটগীৰিয়ে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬২৪ নম্বৰ লাভ কৰিছে। এই মেধাৱী ছাত্ৰ গৰাকীয়ে দিল্লী এইমছত নামভৰ্তিৰ সুযোগ পোৱাৰ সম্ভাৱণাই অধিক।

অতি দৰিদ্ৰ পৰিয়ালৰ চন্দ্ৰপলে শেহতীয়াকৈ ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত ৮৬.২০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছিল। গহপুৰৰ ভিতৰুৱা অঞ্চল ঠুটে চাপৰিৰ চন্দ্ৰপলক শৈলজা সংকল্প ন্যাসৰ অধ্যক্ষ উদয়াদিত্য গোস্বামীয়ে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ আৱাসিক বিদ্যালয়ত ৰাখি বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিছিল।

শংকৰদেৱ শিক্ষা নিকেতনৰ পৰা এইবাৰ নীটত উত্তীৰ্ণ হোৱা আন এগৰাকী মেধাৱী ছাত্ৰী হৈছে নুপুৰ মিলি। নুপুৰ মিলিৰ ঘৰ বুৰৈ মায়ঙৰ আৰিভঙা পথাৰত। আন এগৰাকীও উক্ত বিদ্যালয়খনৰ পৰা নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে জে ই ই পৰীক্ষাতো আন দুগৰাকী ইতিমধ্যে উত্তীৰ্ণ হৈছে।

প্ৰথমটো বেটছৰে মুঠ ৫ গৰাকী ছাত্ৰ-ছাত্ৰী নীট আৰু জে ই ই পৰীক্ষাত উত্তীৰ্ণ হোৱাত বিদ্যালয়খনৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত উৎসাহভৰা পৰিৱেশে বিৰাজ কৰিছে।

উল্লেখ্য যে, এই বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক নিম্ন শ্ৰেণীৰ পৰাই এনে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰা হয়। তাৰে প্ৰথমটো বেটছৰ সফলতাত সন্তুষ্টি ব্যক্ত কৰে শৈলজা সংকল্প ন্যাসৰ অধ্যক্ষ উদয়াদিত্য গোস্বামীয়ে।

গোস্বামীয়ে জানিবলৈ দিয়া মতে নীট আৰু আন অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ পৰৱৰ্তী শিক্ষাৰ ব্যয়ো ন্যাসে গ্ৰহণ কৰিব। অৱশ্যে ইয়াৰ বিনিময়ত এই ছাত্ৰ-ছাত্ৰী সকলে সংস্থাপন লাভ কৰাৰ পাছত আন দুগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ব্যয় বহন কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব।

সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণকে ধৰি শৈক্ষিক, মানসিক সকলো দিশৰ পৰা ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ শৈলজা সংকল্প ন্যাসে ইতিমধ্যে কেইবালানিও ব্যৱস্থা গ্ৰহণ কৰিছে।

বহিৰাগত আন কোচিং চেন্টাৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ বিপৰীতে শংকৰদেৱ শিক্ষা নিকেতনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক পৰ্যায়ক্ৰমে বিদ্যালয়ৰ উদ্যোগতে এই ধৰণৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। গহপুৰৰ এই বিদ্যালয় খনৰ সফলতাই এতিয়া তলৰ শ্ৰেণীৰ অধ্যয়নৰত আন ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও প্ৰেৰণাৰ উৎস হৈ পৰিছে।

উল্লেখ্য যে, সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো যথেষ্ঠ ভাল ফলাফল কৰিছিল শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে। বিদ্যালয়খনৰ ছাত্ৰী ইশাৰাণী ভৰালীয়ে ইতিহাস বিষয়ত ২০১৫ চনৰ পাছত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি অভিলেখ গঢ়িছিল।

এই বিদ্যালয়ৰ আন এজন ছাত্ৰ কুনাল কাশ্যপে জে ই ই মেইনচত ইতিমধ্যে উত্তীৰ্ণ হৈছে। মন কৰিবলগীয়া যে এই মেধাৱী ছাত্ৰ গৰাকীক পঢ়ুৱাৰ দায়িত্বও লৈছিল উদায়িত্য গোস্বামীয়ে। কিন্তু পুত্ৰৰ পাছত মেধাৱী কন্যাৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বিনিময়ত বিদ্যালয়খনত চকিদাৰ কামত নিয়োজিত হৈ সেৱা আগবঢ়াই আছে কুনালৰ পিতৃয়ে। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কুনালৰ ভগ্নী দৰ্শনাই কলা শাখাত ৯২ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে, জে ই ই পৰীক্ষাত মানস গোস্বামী নামৰ এজন ছাত্ৰইও সুখ্যাতিৰে উত্তীৰ্ণ হৈ জে ই ই এডভান্স পৰীক্ষাত অৱতীৰ্ণ হৈছে। বিদ্যালয় কৰ্তৃপক্ষই আশা কৰিছে এইগৰাকী মেধাৱী ছাত্ৰই আই আই টি পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সুযোগ লাভ কৰিব।

২০২২ বৰ্ষত শংকৰদেৱ শিক্ষা নিকেতনৰ পৰা ৭২ জন ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৭২ জনেই প্ৰথম বিভাগ, ষ্টাৰ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। ২০২৩ বৰ্ষত ১২২ জনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৭০ জনে ষ্টাৰ বা তাতকৈ ওপৰৰ নম্বৰ পাই উত্তীৰ্ণ হৈছে।

দুখীয়া আৰু মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা এই বিদ্যালয়খনৰ এনে উদ্যোগে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে।

নীটত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ৩ ছাত্ৰ-ছাত্ৰীৰ সফলতা
জামুগুৰিহাটত প্ৰচণ্ড ধুমুহা: বিস্তৰ ক্ষতি সাধন কেইবাখনো গাঁৱৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in