/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/nik.jpg)
জিজিটেল সংবাদ, শিলচৰ: প্ৰাথমিক বিদ্যালয় স্তৰত বিষ্ণুপ্ৰিয়া মনিপুৰী ভাষা প্ৰচলন কৰা আৰু উক্ত বিদ্যালয় সমূহত তিনিশ শিক্ষক নিযুক্তি দিয়াৰ দাবীত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ ওচৰত দাবী জনাইছে নিখিল বিষ্ণুপ্ৰিয়া মনিপুৰী ছাত্ৰ সংস্থা আৰু বিষ্ণুপ্ৰিয়া মনিপুৰী গন সংগ্ৰাম পৰিষদে ৷
বিষ্ণুপ্ৰিয়া মনিপুৰী ভাষা দিৱস উপলক্ষে শিলচৰ চেংকুৰিত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা সদৰী কৰে ছাত্ৰ সংগঠনটোৱে ৷বিষ্ণুপ্ৰিয়া মনিপুৰী ভাষাক স্কীকৃতি দিয়াৰ দাবীত ১৯৯৯ চনৰ পৰা এক হাজাৰ এক ঘন্টীয়া আন্দোলনৰ ফলত দহ বছৰ পিচত লাভ কৰিছিল ভাষাৰ স্বীকৃতি ৷ তেতিয়াৰে পৰা প্ৰতিবছৰ ২ জুনত এই ভাষা দিৱস পালন কৰি আহিছে বিষ্ণুপ্ৰিয়া মনিপুৰী সকলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/237a68da-9d8c-48dd-b031-f8ba219526e5-768x1024.jpg)
বৃহস্পতিবাৰে কালী প্ৰসাদ সিনহাৰ মৃত্যু দিৱসত ভাষা সেনানী জনৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰি পাচটা বিষ্ণুপ্ৰিয়া মনিপুৰী সংগঠনে তেওঁলোকৰ ভাষাক চৰকাৰী স্বীকৃতি দিয়া বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে প্ৰাথমিক বিদ্যালয় স্তৰত বিষ্ণুপ্ৰিয়া মনিপুৰী ভাষা প্ৰচলন কৰা আৰু উক্ত বিদ্যালয় সমূহত তিনি শ শিক্ষক নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় সংগঠন কেইটাই ৷
আৰু পঢ়ক: শিহৰণকাৰী! ৰাজপথতে প্ৰেমিক নিতুৰাজে চুৰিৰে আক্ৰমণ কৰিলে প্ৰেমিকাক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us