/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nayanmani.jpg)
ডিজেটেল সংবাদ : বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ৰ কমনৱেলথ গেমছত স্বৰ্ণ পদৰ জয় কৰা প্ৰথমগৰাকী অসমীয়া মহিলা নয়নমণি শইকীয়া। গোলাঘাটৰ জীয়াৰী-বোৱাৰী নয়নমণি মঙলবাৰে উপস্থিত হয়হি স্বগৃহত। স্বগৃহত নয়নমণিক গোলাঘাটবাসীয়ে জনালে বিপুল আদৰণি।
গায়ন-বায়নেৰে নয়নমণিক গোলাঘাট সৰুপথাৰবাসী ৰাইজ আৰু জাতীয় দল-সংগঠনে জনালে আদৰণি। সৰুপথাৰ মহাবিদ্গোযালয়ত অনুষ্ঠিত কৰা হয় আদৰণি অনুষ্ঠান। গোলাঘটৰ সৰুপথাৰৰ পৰা বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে উলাই গৈ কমনৱেলছ গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় নয়নমণিয়ে। পূৰ্বে ৩ বাৰ কমনৱেলথ গেমছত লন বলত খেলিছিল যদিও ২০২২ চনতহে জয় লাভ কৰে নয়নমণিয়ে।
স্বামী, শাহুৱেকৰ পৰা পোৱা সাহস আৰু উচহা, নিজৰ কষ্ট, সাধনাৰ বাবে আজি এই স্থান পাবলৈ সক্ষম হোৱা নয়নমণি এতিয়া ভাৰত তথা অসমবাসীৰ "নয়নৰ মণি।"
আৰু পঢ়ক : গেৰজাইসহ পলাতক ২ আপৰাধীৰ এটাক ধৰিলে আৰক্ষীয়ে : ঢকুৱাখনাৰ চৌদিশে আৰক্ষীক তীক্ষ্ণ সমালোচনা…