সোমবাৰৰ পৰা আৰম্ভ হ'ল নৱৰাত্ৰি...

আজিৰে পৰা আৰম্ভ হোৱা নৱৰাত্ৰি পূজা ৫ অক্টোবৰত সমাপ্ত হ'ব

author-image
Asomiya Pratidin
New Update
সোমবাৰৰ পৰা আৰম্ভ হ'ল নৱৰাত্ৰি...

navratri

ডিজিটেল ডেস্ক : এতিয়া শাৰদীয় বতৰ। দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দেওবাৰে মহালয়াৰ পাছত সোমবাৰৰ পৰা আৰম্ভ হৈছে দেৱীৰ পক্ষ। শাৰদীয় নৱৰাত্ৰি উৎসৱ সোমবাৰৰ পৰা অৰ্থাৎ ২৬ ছেপ্টেম্বৰ পৰা আৰম্ভ হৈছে।

Advertisment

উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হোৱা নৱৰাত্ৰি পূজা ৫ অক্টোবৰত সমাপ্ত হ'ব। নৱৰাত্ৰিৰ ৯টা দিন মা দুৰ্গাক উচৰ্গা কৰা হয়। নৱৰাত্ৰি উৎসৱ ঘট স্থপানৰ পৰা আৰম্ভ হয়। অষ্টমী আৰু নৱমী তিথিত কন্যা পুজন কৰা হয়। ইয়াক কুমাৰী পূজা বুলিও জনা যায়।

নৱৰাত্ৰি উৎসৱ বছৰত চাৰিবাৰ আহে। কিন্তু চৈত্ৰ আৰু শাৰদিয়া নৱৰাত্ৰিক অতি বিশেষ বুলি গণ্য কৰা হয়। সমগ্ৰ ভাৰততে নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হয়। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ উপাসনাত মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ লাভ কৰা হয়।

assam india festival