অৱসৰপ্ৰাপ্ত কাৰাগাৰ কৰ্মচাৰীক কাৰাদণ্ড

আদালতে অপৰাধীজনক যাবজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে
অৱসৰপ্ৰাপ্ত কাৰাগাৰ কৰ্মচাৰীক কাৰাদণ্ড

ডিজিটেল সংবাদ,নগাঁও : নগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া চলাই আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰিছে ৷ দোষী সাব্যস্ত হোৱা অপৰাধীজনৰ নাম হৈছে জগদীশ বৰকাকতী (৬৩)৷

জগদীশ বৰকাকতী ৰাজ্য চৰকাৰৰ কাৰাগাৰ বিভাগৰ বিষয়া আছিল ৷ চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰা বৰকাকতীয়ে এটি ৬ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল ৷ ল'ৰা শিশুটিক গুহ্যদ্বাৰত জগদীশ বৰকাকতীয়ে নিৰ্যাতন চলাইছিল ৷

এই ঘটনাৰ সন্দৰ্ভত নগাঁও আদালতৰ ন্যায়াধীশ ইপ্সীতা বৰঠাকুৰৰ আদালতে বিচাৰ প্ৰক্ৰিয়া চলাই বৰঠাকুৰক দোষী সাব্যস্ত কৰে ৷ আদালতে অপৰাধীজনক যাবজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে অতিৰক্ত ৬ মাহৰ কাৰাবাস খাতিব লাগিব ৷

অৱসৰপ্ৰাপ্ত কাৰাগাৰ কৰ্মচাৰীক কাৰাদণ্ড
ৰাণীৰ পখিলা আৰু কাহিগংগা কৃষক উৎপাদন কোম্পানীৰ উল্লেখনীয় পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in