হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ১৩ সংখ্যক

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ১৩ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। ভোটাৰ দিৱস উপলক্ষে আজি পুৱা ৮ বজাত সুখচৰৰ বেপাৰীপাৰা দলঙৰ পৰা হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Advertisment

মুঠ ৭২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা মাৰাথন দৌৰ প্ৰতিযোগতাৰ শুভ উদ্ধোধন কৰে জিলা উপায়ুক্ত পল্লৱী সৰকাৰে। এই কাৰ্যসূচীত হাটশিঙিমাৰী নিৰ্বাচনী বিষয়া বিভাস মেধী, জিলা অতিৰিক্ত উপায়ুক্ত জগদীশ ব্ৰহ্মৰ লগতে কেইবাগৰাকী সহকাৰী আয়ুক্ত উপস্থিত থাকে।

আনহাতে দিনৰ ১১ বজাত ভোটাৰ দিৱস উপলক্ষে নতুন ভোটাৰক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছত আজি বিয়লি ২ বজাত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীৰ মাজত কুইচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নতুন ভোটাৰক আকৃষ্ট কৰাৰ বাবে প্ৰতি বছৰে এইদৰে জিলা প্ৰশাসনৰ উদ্যোগত আজিৰ দিনটোত ভোটাৰ দিৱস পালন কৰা হয়।

আৰু পঢ়কঃ DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট পদকঃ ১৪ গৰাকীলৈ আৰক্ষী পদক...

voter day dc office