/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/charaideu.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ ভাৰতৰ প্ৰখ্যাত হকী খেলুৱৈ, অলিম্পিকত স্বৰ্ণ পদক লাভ কৰি ভাৰতৰ ক্ৰীড়া জগতত ইতিহাস ৰচা পদ্মভূষণ, যশস্বী খেল ৰত্ন মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে ২৯ আগষ্টৰ দিনটো "ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস"পালন কৰি আহিছে৷
মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে সোমবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰ শংকৰদেৱে শিশু বিদ্যালয় নিকেতনৰ উদ্যোগত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠান উপলক্ষে শিক্ষানুষ্ঠানখন চৌহদত কড়ি খেল,টেকেলী ভঙা ইত্যাদি পৰম্পৰাগত খেল- ধেমালি অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us