ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত লহকৰ গাঁৱত বিশেষ শিবিৰ

ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত লহকৰ গাঁৱত বিশেষ শিবিৰ

ডিজিটেল সংবাদ, বটদ্ৰৱা: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত যোৱা ১৭ এপ্ৰিলৰ পৰা সাত দিনীয়াকৈ অনুষ্ঠিত হৈছে বিশেষ শিবিৰ। প্ৰথম দিনা শুভাৰম্ভ অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পতাকা উত্তোলন কৰে তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়াই।

অনুষ্ঠানটিত ধিং মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্তই শুভাৰম্ভণি ভাষন প্ৰদান কৰে। সেইদিনা শিবিৰত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন শইকীয়া, বাতৰি পৰিবেশক হিমাশ্ৰী বৰাই সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

দ্বিতীয় দিনা কৰ্মশালাৰ আৰম্ভণি কৰে অধ্যক্ষ ড০ বিমান হাজৰিকাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে "ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দ্বায়িত্ব কৰ্তব্য আৰু সম্ভাৱনীয়তা বিশ্লেষণৰ লগতে এন এছ এছ গোটৰ অন্তৰ্ভুক্ত হৈ দেশৰ সকলো শিক্ষানুষ্ঠানত সংৰক্ষিত আসনৰ সুবিধা গ্ৰহণৰ" বিষয়ে আলোচনা কৰে। কৰ্মশালাত দেওবাৰে চাইবাৰ সুৰক্ষা (Cyber Security)ৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই।

শিবিৰত ষ্টেম ফৰ গাৰ্লছ প্ৰকল্পৰ প্ৰশিক্ষক বৰুৱাই "ডিজিটেল ফুটপ্ৰিন্ট, হেকিঙৰ লগতে জটিল চিন্তা, সৃজনীশীল চিন্তা, সিদ্ধান্তকৰণ, আন্তঃব্যক্তিক সমন্ধ, দক্ষতাপূৰ্ণ যোগাযোগ, আৱেগ নিয়ন্ত্ৰণ, দুশ্চিন্তা নিয়ন্ত্ৰণ আদি জীৱন কৌশলৰো কাৰ্যকলাপ, খেল আৰু বক্তৃতা মাজেৰে বিশ্লেষণ কৰে। ধিং মহাবিদ্যালয়ৰ দ্বাৰা প্ৰতিপালিত গাঁও লহকৰ গাঁও স্থিত লহকৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত চলি আছে এই বিশেষ শিবিৰ। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ধিং মহাবিদ্যালয় গোটৰ তত্বাৱধায়ক ড০ মুকুট মনি শইকীয়াৰ পৰিকল্পনাৰে অনুষ্ঠিত শিবিৰটোত প্ৰতিদিনে পুৱা যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আৰোগ্য যোগ নিকেতনৰ প্ৰশিক্ষক সকলে।

ধিং মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে লহকৰ প্ৰাথমিক বিদ্যালয়ৰ কনকন ছাত্ৰ ছাত্ৰী, লহকৰ গাঁৱৰ ৰাইজৰ অংশ গ্ৰহণেৰে অনান্য পৰিবেশৰ মাজত অনুুষ্ঠিত শিবিৰত লহকৰ গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদুম দাস, কল্পনা শইকীয়া, গায়ত্ৰী শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। বিগত দিনত ধিং মহাবিদ্যালয়ৰ অধ্যাপক ডম্বৰুধৰ কাকতিয়ে "বিজ্ঞান মানসিকতাৰ প্ৰয়োজনীয়তা", এপাৰ্টৰ পৰামৰ্শদাতা তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰীয়ে "জৈৱিক কৃষি, জৈৱিক কীটনাশক আৰু কৃষি আৰু পৰিবেশ বিষয়" কাকলি শইকীয়াই "নিয়োগৰ সম্ভাৱনীয়তা ক্ষেত্ৰ"ৰ বৰ্ননা কৰে।

আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে লহকৰ আদৰ্শ গাঁও খনৰ ১০০ ঘৰ লোকৰ ঘৰে ঘৰে গৈ এক আৰ্থ সামাজিক পিয়লো চলাইছে। সামৰণিৰ দিনা সকলো অংশ গ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।

ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত লহকৰ গাঁৱত বিশেষ শিবিৰ
বিশিষ্ট সাংবাদিক, অৱসৰপ্ৰাপ্ত জন সম্পৰ্কৰক্ষী বিষয়া ৰয়েল আহমেদৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in