গজেন তাঁতী আদৰ্শ বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-বিজ্ঞান মেলা

গজেন তাঁতী আদৰ্শ বিদ্যালয় আৰু প্ৰথম এডুকেচন ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
গজেন তাঁতী আদৰ্শ বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-বিজ্ঞান মেলা

ডিজিটেল সংবাদ,বেকাজান : চৰাইপানী চাহ বাগিচাত শ্ৰমিকনেতা গজেন তাঁতী আদৰ্শ বিদ্যালয় আৰু প্ৰথম এডুকেচন ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ৷ অনুষ্ঠানটিত প্ৰথম এডুকেচন ফাউণ্ডেচনৰ জিলা পৰ্যায়ৰ সমল ব্যক্তিসকলৰ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন সূত্ৰৰ সহায়ত মডেল প্ৰস্তুত কৰি বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰে ৷

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰথম এডুকেচনৰ সমল ব্যক্তিসকলে প্ৰায় ২০টা মডেল তৈয়াৰ কৰি প্ৰদৰ্শন কৰা অনুষ্ঠানটি শুভাৰম্ভ কৰে মাধপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাণজিৎ বৰকাকতিয়ে ৷ উদ্বোধনী ভাষণত বৰকাকতিয়ে বিজ্ঞানৰ জনপ্ৰিয়কৰণত এনে অনুষ্ঠানৰ প্ৰাসংগিকতা ব্যাখ্যা কৰাৰ লগতে ছাত্ৰছাত্ৰীসকলৰ বিজ্ঞানমনস্কতা গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে ৷

আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি মহান বিজ্ঞানী চন্দ্ৰশেখৰ ৰমণক শ্ৰদ্ধাৰে সোঁৱৰে আৰু ৰমণ পৰিঘটনাৰ বিষয়ে আলোচনা কৰে সীমান্তৱৰ্তী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক জয়ন্ত বৰপূজাৰীয়ে ৷ তেওঁ বিভিন্ন উদাহৰণেৰে বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰ সংজ্ঞা দাঙি ধৰি বেছি পাত থকা ডাঙৰ গছত দেখা পোৱা ভুতৰ ৰহস্য ব্যাখ্যা কৰে ৷

বিদ্যালয়ৰ শিক্ষক অসীম পলঙে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে প্ৰথম এডুকেচন ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমল ব্যক্তি দ্বিপেন দাস ৷ বিদ্যালয়ৰ অধ্যক্ষ সুজিত শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত থাকি বিভিন্ন ধৰণে সহযোগ কৰে চৰাইপানী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ফানচেং চিংফৌ, প্ৰথম এডুকেচনৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি চন্দন চাওৰা, জিলা সমন্বয়ক ভাস্কৰজ্যোতি ভাগৱতী, বিদ্যালয়ৰ শিক্ষক বিপুল কলিতা, ত্ৰিলোচন গগৈ, গোপাল কলিতা, ধ্ৰুৱজ্যোতি শইকীয়া, মণিমালা পাঠক, কমলাক্ষী শইকীয়াৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য সন্তোষ চিক, ৰঞ্জিত ৰজক, হাবিল বাৰিক, মণ্টু বৰা তথা বাবলু শইকীয়া, ববিতা ৰাও আৰু অনিল কুৰ্মীয়ে।

গজেন তাঁতী আদৰ্শ বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-বিজ্ঞান মেলা
ব'ৰ্ডৰ নিৰ্দেশক অমান্য কৰাৰ ফল ভুগিলে শ্ৰেয়াছ আয়াৰ-ঈশান কিষাণে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in