সমাজ কল্যাণ বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন…

সমাজ কল্যাণ বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন…

author-image
asomiyapratidin
New Update
সমাজ কল্যাণ বিভাগৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন…

ডিজিটেল সংবাদ নগাঁও: ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ উপলক্ষে শনিবাৰে নগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত গৰ্ভৱতী মহিলাৰ থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শন,দিহানাম প্ৰদৰ্শনৰে উজলি উঠিল৷ "সবল নাৰী-স্বাক্ষৰ শিশু-সুস্থ ভাৰত শীৰ্ষক বাণীৰে আৰম্ভ হোবা অনুষ্ঠানটিৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি এখনি প্ৰদৰ্শনী মুকলি কৰা হয় ৷

Advertisment

বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটি মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি
বিধায়ক ৰূপক শৰ্মাই কয়- এখন সুস্থ-সবল সমাজ গঢ়ি তুলিবলৈ বৰ্তমানৰ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে ৷ ইয়াৰ বাবে প্ৰয়োজন হ'ব পুষ্টিহীনতাৰ পৰা পৰিপুষ্টিলৈ এক সফল পৰিক্ৰমা গঢ়ি তোলা৷

নগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে লগতে কয়- জন্ম হোৱা শিশুসকল যদি শক্তিশালী হয় ,মাতৃ সবল হয় তেন্তে আমাৰ সমাজখনো সুস্থ আৰু সবল হৈ উঠিব৷ আমাৰ শিশু আৰু মাতৃসকল যাতে পৰিপুষ্টিহীনতা আৰু ৰক্তহীনতাৰ কৱলত নপৰে তাৰ বাবে বৰ্তমানৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেই লক্ষৰেই চলিত মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰা হৈছে ৷

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা জোন্টি হাজৰিকাই আতঁধৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ , অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ অৰূপজ্যোতি মহন্ত, চিলঙনিস্থিত আঞ্চলিক কৃষি বিজ্ঞান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড° নিৰঞ্জন ডেকা, জনস্বাস্থ্য কাৰীকৰি বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈ, সৰ্ব্বশিক্ষা মিশ্যনৰ বিষয়া শ্ৰুতিমালা গায়ন, খাগৰিজান সংহত শিশু উন্নয়ন বিষয়া বিদ্যুত হাজৰিকাকে প্ৰমুখ্যে কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসহ নগাঁও জিলাৰ ১৪ টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাড়ি কৰ্মী আৰু সহায়িকা সকলৰ ওপৰি কেবা শতাধিক লোক উপস্থিত থাকে ৷

অনুষ্ঠান আৰম্ভণিতে খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অংগনবাড়ি কৰ্মী-সহায়িকাসকলৰ দ্বাৰা গৰ্ভৱতী মহিলা আৰু শিশুসকলক উদ্দেশ্য কৰি এটি দিহা পৰিবেশন কৰা হয় ৷ অনুষ্ঠানৰ আদৰনি ভাষণ আগবঢ়াই জিলা সমাজ কল্যাণ বিষয়া ৰূবী কলিতাই ৷

লগতে বিষয়া গৰাকীৰ কণ্ঠত ৰাষ্ট্ৰীয় পোষণ মাহৰ ওপৰত নগাঁৱৰ সেৱিকা সকলে লিখি উলিওৱা এটি গীত অনুষ্ঠানত পৰিবেশন কৰা হয় ৷ উক্ত অনুষ্ঠানে জিলাখনৰ ১৪ টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰা নিৰ্বাচিত ১৪ গৰাকী স্বাস্থ্যবান শিশুক মানপত্ৰসহ বঁটা প্ৰদান কৰাৰ লগতে পাঁচগৰাকী গৰ্ভৱতী মহিলাক সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা পঞ্চামৃতৰ নিয়ম আদি ৰূপায়ণ কৰে অতিৰিক্ত উপায়ুক্ত শান্তনা বৰা আৰু জিলা সমাজ কল্যাণ বিষয়া ৰূবী কলিতাই৷