চিৰাঙৰ কাজলগাঁৱত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত “ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২” কাৰ্য্যসূচীৰ শুভাৰম্ভ…

চিৰাঙৰ কাজলগাঁৱত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত “ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২” কাৰ্য্যসূচীৰ শুভাৰম্ভ…

author-image
asomiyapratidin
New Update
চিৰাঙৰ কাজলগাঁৱত জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত “ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২” কাৰ্য্যসূচীৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ দেশৰ লগত সঙ্গতি ৰাখি চিৰাং জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ মহিলা – শিশু উন্নয়ন প্ৰকল্প উদ্যোগত কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত "ৰাষ্ট্ৰীয় পোষণ মাহ – ২০২২" কাৰ্য্যসূচীৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় । সমগ্ৰ চিৰাং জিলা সাঙুৰি ১ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰ লৈকে চলিব লগা এই "ৰাষ্ট্ৰীয় পুষন মাহ- ২০২২" কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।আজিৰ এই "ৰাষ্ট্ৰীয় পুষন মাহ – ২০২২" উদ্ধোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীৰ লগতে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, অজিত কুমাৰ শৰ্মা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা গ্ৰামোন্নয়ন বিভাগ, খণ্ড উন্নয়ন বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে মহিলা আৰু শিশু উন্নয়ন প্ৰকল্প বিষয়া, পৰ্য্যবেক্ষক, অঙ্গনবাদী কৰ্মী আৰু সহায়িকা সকল উপস্থিত থাকে । গৰ্ভৱতী মহিলা, কিশোৰী আৰু শিশু সকলৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে পালন কৰিব লগীয়া এই "পুষন মাহ" কাৰ্য্যসূচীৰ উদ্ধোধন কৰি সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ভাষনত জিলাখনৰ সৰ্বস্তৰত শিশু-মাতৃ সকলৰ সুস্বাস্থ্যৰ হকে কাম কৰি যাবলৈ সকলো পক্ষকে আহ্বান জনায় । আগন্তুক সময়ত এনেধৰনৰ অনুষ্ঠান গ্ৰামাঞ্চলত অনুষ্ঠিত কৰিবলৈ বিভাগীয় কতৃপক্ষক অনুৰোধ কৰে ।

Advertisment

আজিৰ এই পুষন মাহ কাৰ্য্যসূচীৰ উদ্ধোধনী অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি অঙ্গনবাদী কৰ্মী সকলে সুষম আৰু পুষ্টিকৰ খাদ্য সামগ্ৰীৰ এক প্ৰদৰ্শনীৰ আয়োজন কৰে । আজিৰ পৰা আৰম্ভ হোৱা এই "ৰাষ্ট্ৰীয় পুষন মাহ" সমগ্ৰ জিলা জুৰি ছুপাৰভাইজাৰ, অঙ্গনাবাদী কৰ্মী তথা সহায়িকা সকলে সহযোগী অন্যান্য বিভাগৰ সৈতে যুটীয়া ভাৱে গৰ্ভৱতী মহিলা, মাতৃ, কিশোৰী আৰু শিশু সকলৰ সুস্বাস্থ্যৰ হকে বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে কাম কৰি যাব বুলি আজিৰ অনুষ্ঠানৰ জৰিয়তে চিৰাং জিলা সমাজ কল্যাণ বিষয়া সমেশ্বৰ মুছাহাৰীয়ে ।

assam chirang