/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0f36870f-2b3a-4588-ad78-4d9cf272cd0a/batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ধনীয়াভেটি শাখা (চেক্টৰ)ৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২২ উপলক্ষে আজি ধনীয়াভেটি পঞ্চায়তৰ মুকলি মঞ্চত মহিলা পঞ্চায়ত অনুষ্ঠিত হয় । "সৱল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত" এই শ্লোগানেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে ধনীয়াভেটি শাখাৰ মুখ্য সেৱীকা গিৰিজা দত্তই শিশুৰ পৰা কিশোৰী, গাভৰু আৰু মাতৃ হোৱালৈকে সমস্ত জীৱন কালত এগৰাকী নাৰীয়ে কিদৰে স্বাস্থ্যৰ যত্ন ল'ব লাগে তাৰ উপৰত বক্তব্য দাঙি ধৰে ।
ধনীয়াভেটি অঞ্চলৰ অংগনবাদী কৰ্মী, সহায়িকা সকলৰ তৎপৰতাত অনুষ্ঠিত অনুষ্ঠানটিত বটদ্ৰৱা শিশু উন্নয়ন প্ৰকল্প বিষয়া দেৱযানী দাস, ধনীয়াভেটি গাঁও পঞ্চায়তৰ সভানেত্ৰী চুলেমা বেগম, স্বাস্থ্য বিভাগৰ মুখ্য সহায়িকা ৰীণা বৰা, স্বাস্থ্যকৰ্মী তৰুণী দাস, মঞ্জুলা দেৱী, পাকিজা বেগম, দিপালী শইকীয়া, হিতামনি শইকীয়া, কল্পনা ডেকা, বীভা গোহাঁই, ইকবাল হুছেইন, গিৰিন কুমাৰ নাথ, হনুফা আহমেদকে আদি কৰি অংগনবাদী কৰ্মী, সহায়িকা, কনকন শিশু, কিশোৰী, যুৱতী, আইমাতৄ সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।
১ ছেপ্টেম্বৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ দেশজুৰি উদযাপিত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিগত দিনত বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বটদ্ৰৱাত কিশোৰী পঞ্চায়ত অনুুষ্ঠিত হৈছে আৰু আগন্তুক দিনত ৰামপুৰত সম্প্ৰদায়(Community) পঞ্চায়ত অনুষ্ঠিত হব বুলি প্ৰতিবেদকক জানিবলৈ দিয়ে।