নগাঁৱৰ কুজিদাঁহত ৰাষ্ট্ৰীয় গণিত দিৱসৰ আয়োজন

নগাঁৱৰ কুজিদাঁহত ৰাষ্ট্ৰীয় গণিত দিৱসৰ আয়োজন

author-image
asomiyapratidin
New Update
নগাঁৱৰ কুজিদাঁহত ৰাষ্ট্ৰীয় গণিত দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৩ আৰু ২৪ ডিচেম্বৰত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় গণিত দিৱসটি উদযাপনৰ দিহা কৰা হৈছে।

Advertisment

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়কে জনোৱা মতে ২৩ ডিচেম্বৰত পুৱা ৯ বজাৰ পৰা ২ বজালৈ ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিৰ সন্মিলনত ভাগ ল'ব কটন কলেজৰ প্ৰাক্তন গণিত বিভাগৰ অধ্যাপক ড০ তাৰকেশ্বৰ চৌধুৰী আৰু অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব মৃনাল হাজৰিকাই।

এই কাৰ্যসূচীৰ পিছতেই অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলৰ মাজত নমুনা তৈয়াৰী প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ লগতে গণিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

২৪ ডিচেম্বৰত ৯ বজাৰ পৰা দুই বজালৈ 'গণিতৰ সৈতে ধেমালী' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ ভীম প্ৰসাদ শৰ্মাই। দিনৰ ১১ বজাৰ পৰা হ'বলগা কেন্দ্ৰীয় সভাত ভাগ ল'ব বিজ্ঞান প্ৰযুক্তিবিদ্যা মুখ্য বিজ্ঞানী ড০ আৰ কে বৰ্মন, সঞ্চালক ড০ এ কে মিশ্ৰ, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাজু বৰদলৈ, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই। সভাখন সঞ্চালনা কৰিব কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপা বৰুৱাই।

গণিত দিৱসৰ দুয়োদিনৰ কাৰ্যসূচীতে বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়সমূহৰ ছাত্র-ছাত্রী আৰু শুভাকাংশী ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজকসকলে।