/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhubriiii.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : 'সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব..' অসমীয়া ভাষাক চহকী কৰা সাঁচিপাতৰ ঐতিহ্য স্মৰণীয় কৰি ৰখাৰ মহৎ উদ্দেশ্য আগত ৰাখি ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই শুকুৰবাৰে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস উপলক্ষে বিলাসীপাৰাৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানত সাঁচি গছৰ পুলি ৰোপণ কৰে। বিলাসীপাৰাৰ শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনত সাঁচিপুলি ৰোপণ কৰে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য শিৱাজী কৰ্মকাৰে। এই উপলক্ষে এখন সভাৰো আয়োজন কৰা হয়। সভাত ভাষণ দি ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক ড০ হৰিচৰণ দাসে কয় যে সাঁচিপাতৰ পুথি বোৰেই হৈছে অসমৰ প্ৰধান নৃকুল সমল য'ত নিহিত হৈ আছে অসমৰ পৰম্পৰাগত জ্ঞান -বিজ্ঞান ।
অসমৰ বাহিৰে আন কতো সাঁচিপুথি পাবলৈ নাই। সাঁচিগছো অসমৰ বাহিৰে আন ঠাইত পোৱা নাযায়। সাঁচিগছ আৰু সাঁচিপুথিয়ে অসমীয়া সভ্যতাৰ ঐতিহ্য বহন কৰি আহিছে। অনুষ্ঠানত বিলাসীপাৰা শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ উচ্চতৰ মাধ্যমিক শাখাৰ অধ্যক্ষ বিশ্বজিৎ গোস্বামীয়ে সাঁচিগছৰ অৰ্থনৈতিক লাভালাভৰ বিষয়ে বিবৰি কয়।
বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰৰ প্ৰাঙ্গণতো গ্ৰন্থাগাৰিক দিৱস উপলক্ষে ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই সাঁচিপুলি ৰোপণ কৰে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিলাসীপাৰা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বানত শিক্ষক সকলে সাঁচিপুলি ৰোপণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us