/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e3096949-ccb4-441c-bf8c-0857ae99f3e6/nagaonnn.jpg)
national yoga compitition
ডিজিটেল সংবাদ, বেবেজীয়া : অসম ৰাজ্যিক যোগ ক্ৰীড়া সংস্থাই নগাওঁ জিলা যোগ ক্ৰীড়া সংস্থাৰ সহযোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে যোৱা ১৪ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ নগাঁও আৰক্ষী নিবেশত অনুষ্ঠিত কৰা ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত চাব জুনিয়ৰ ল'ৰাৰ শাখাত যোগাসন প্ৰতিযোগীতাত ৰূপৰ পদক আৰু আৰ্টিষ্টিক শাখাত সোণৰ পদক লাভ কৰি গৌৰৱৰ অধিকাৰী হয় লগতে ৰাষ্ট্ৰীয় প্ৰতিযোগীতালৈ নিৰ্বাচিত হয়।
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয় আৰু ভাৰতীয় অলিম্পিক এছ'চিয়েচনৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া সংস্থাৰ তত্বাবধানত আৰু অসম ৰাজ্যিক যোগাসন ক্ৰীড়া সংস্থাৰ পৰ্যবেক্ষণত অনুষ্ঠিত এই অসমৰ ২৪ খন জিলাৰ পাঁচ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ সামৰণিত বঁটা প্ৰদান কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
অসম অলিম্পিক সংস্থাই যোৱা জুলাই মাহত অনুষ্ঠিত কৰা যুৱ অলিম্পিক ২০২২ত অংশগ্ৰহণ কৰি যোগাসন শাখাত ব্ৰঞ্জৰ পদক আৰু আৰ্টিষ্টিক শাখাত সোণৰ পদক পাবলৈ সক্ষম হোৱা লগতে জিলা প্ৰতিযোগীতাত যোগ কুমাৰ খিতাপ অৰ্জন কৰা মৃগেশ ঠাকুৰীয়াই বৰ্তমান ৰাষ্ট্ৰীয় প্ৰতিযোগীতাৰ লগতে অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰ্ন্তজাতিক যোগা স্পৰ্টচ চেমপিয়নচিপৰ বাবে যোগগুৰু অসীম বৰুৱাৰ তত্বাবধানত প্ৰস্তুতি কৰি থকা বুলি জানিব পৰা গৈছে ৷
মৃগেশৰ এই সাফল্যত অসম ৰাজ্যিক যোগ ক্ৰীড়া সংস্থা, কাৰূপ মহানগৰ জিলা যোগ ক্ৰীড়া সংস্থা, মৰিগাঁও আৰু নগাঁও জিলা যোগ ক্ৰীড়া সংস্থাৰ উপৰিও এথলেটিক প্ৰশিক্ষক নিপন দাস, যোগগুৰু অসীম বৰুৱা, অসম ৰাজ্যিক যোগ ক্ৰীড়া সংস্থাৰ টেকনিকেল চেয়াৰমেন অঞ্জন কৌশিক শৰ্মা, টেকনিকেল ডাইৰেক্টৰ নাৰায়ন শৰ্মা, যোগ ক্ৰীড়া সংগঠক ধনঞ্জয় তালুকদাৰে শুভেচ্ছা জ্ঞাপন কৰে ৷