/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/3mb7jad1/bator-nat-8.jpg)
যান-জঁট হ্ৰাস, সৌন্দৰ্য বৰ্ধন আদিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শনৰ প্ৰস্ততি...
ডিজিটেল সংবাদ গুৱাহাটী: ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ণ নিগম লিমিটেডে ইতিমধ্যেই আসমৰ প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি অঞ্চলটোৰ উন্নয়ণ ক্ষীপ্ৰতৰ কৰি তুলিছে। তদুপৰি, লিমিটেডে নতুনকৈ প্রায় ৯০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/xe5cof5b/accfa7a0-5f30-486b-8712-c401d1ba369f.jpg)
কিন্তু এই ঘাইপথসমূহৰ কাষৰীয়া ঠাইখিনি বিভিন্ন সময়ত কিছুমান লোকে দোকান দি, গাড়ী ৰখাই, গৰু-ছাগলী এৰাল দি, ধান শুকুৱাই, ঘৰ সাজি বেদখল কৰে। যাৰ ফলত বিভিন্ন সময়ত যান-জঁট তথা পথ দুর্ঘটনাও সংঘটিত হোৱা দেখা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/bpocns63/becb888e-cb54-4df7-9c99-03cc4f42a92a.jpg)
সেয়েহে ভাৰত চৰকাৰে এনে অবাঞ্চিত যান-জঁটৰ পৰা পথসমূহ মুক্ত কৰি নগৰিকসকলক সুৰক্ষা প্রদান কৰিব বিচাৰিছে। লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সৌন্দর্য্য অটুত ৰাখি সুস্থ যাতায়ত ব্যৱস্থা অব্যাহত ৰখাৰ মানসেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্ননয় নিগম লিমিটেডৰ তৰফৰ পৰা এলানি সজাগতা অভিযান কাৰ্য্যসূচী আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/wo7pk5i3/9b096f7e-8fa5-45ca-84f3-9795e2d21ae9.jpg)
এই কাৰ্য্যসূচীৰ অংশ হিচাপে অহা ৮ আৰু ৯ অক্টোবৰ তাৰিখে অসমৰ বিভিন্ন ঠাইত "বাটৰ উশাহ" শীর্ষক এখনি বহুভাষিক বাটৰ নাট উপস্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। উক্ত নাটখনি অহা ৮ অক্টোবৰ তাৰিখে নগাওঁ জিলাৰ চামগুৰি আৰু চুলুঙত আৰু বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত ক্রমে ১২৭, ৭১৫ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰদৰ্শন কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/31tviys9/fe669d1c-6565-4306-95d2-e537cbc47f7e.jpg)
তাৰ পাছদিনা ৯ অক্টোবৰ তাৰিখে কামৰূপ জিলাৰ বকো, গোৱালপাৰা জিলাৰ মকৰি, বঙাইগাওঁ জিলাৰ টুলুঙীয়া আৰু ধুবুৰী জিলাৰ চাপৰৰ মাজেৰে পাৰ হৈ যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পৰিবেশন কৰা হ'ব। উক্ত প্রদর্শনীসমূহত বাটৰ নাটখনিৰ প্রযোজনা নিয়ন্ত্রক হেমন্ত ফুকনে ৰাইজৰ সহযোগিতা কামনা কৰি এই প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-08/vmt9qh6g/a0b08749-4da6-4e41-8ff7-d9d2a5278674.jpg)
Also Read: চলচলিৰ বিশিষ্ট অভিনেতা,সমাজ কৰ্মী হৰেন পঞ্চাননৰ মৃত্যুত শোক...