গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান

ইয়াৰ পিছতে সমদলটোৱে গোলাঘাট চহৰখন ঘূৰি কৰি সজাগতামূলক প্ৰচাৰ পত্ৰ বিতৰণ কৰে

author-image
Asomiya Pratidin
New Update
গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান

ডিজিটেল সংবাদ, গোলাঘাট : ভাৰতৰ ৬.৩ শতাংশ লোক প্ৰতি বছৰে কাণৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় ৷ ৫০ শতাংশ শ্ৰৱণ শক্তিহীনতা প্ৰতিৰোধমূলক ৷ ৮০ শতাংশ শ্ৰৱণ শক্তিহীনতা উপযুক্ত পদ্ধতিৰে ঘূৰাই আনিব পাৰি ৷

Advertisment

আজি ৩ মাৰ্চৰ দিনটো বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গোলাঘাট জিলাতো “ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কায্যসূচীৰ সৌজন্যত “ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান উদযাপন কৰা হয় ৷ এই কায্যসূচী অনুযায়ী পুৱা ১০ বজাত গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা সজাগতা সমদলটো উদ্দোধন কৰে অতিৰিক্ত উপায়ুক্ত কুলদিপ হাজৰিকাই।

ইয়াৰ পিছতে সমদলটোৱে গোলাঘাট চহৰখন ঘূৰি কৰি সজাগতামূলক প্ৰচাৰ পত্ৰ বিতৰণ কৰে ৷ এই দিৱসৰ লগত সংগতি ৰাখি শ্ৰৱন শক্তি পৰীক্ষা শিবিৰ, জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত গাওঁসভা অনুষ্ঠিত কৰা হয় ৷

সমল ব্যক্তি ডা° পাৰ্থ গোহাইঁৰ পৰিচালনাত পালন কৰা আজিৰ কায্যসূচীত ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° উত্তম দত্ত ,উপ অধীক্ষক ডা° বিপুল কুমাৰ দাস, জেষ্ঠ চিকিৎসক ডা° উৎপল বৰা , ডা° ভাস্কৰজ্যোতি খেৰিয়া , ডা° ৰাজশ বা , চাবিনা য়াছমিন , ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক , জিলাপৰিষদৰ সদস্যসকলৰ লগতে HWC ৰ বিষয়া কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়াই ৷

Also Read: উপাৰ্জনতকৈ সম্পত্তি অধিকঃ পত্নীসহ গ্ৰেপ্তাৰ ধূলাৰ থানাৰ পূৰ্বৰ অ'চিক

World Hearing Day