ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা, শিৱা থাপা, অংকুশিতা, যমুনাৰ দুৰ্দান্ত প্ৰদৰ্শন...

গান্ধীনগৰত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত শিৱ থাপাই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভলীনা, শিৱা থাপা, অংকুশিতা, যমুনাৰ দুৰ্দান্ত প্ৰদৰ্শন...

siva thapa

ডিজিটেল ডেস্ক : গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ অম্লান বৰগোঁহায়ে দুটাকৈ সোণ লাভ কৰাৰ পাছতে এইবাৰ সফলতা অৰ্জন কৰিছে অসমৰ বক্সাৰসকলে। গান্ধীনগৰত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত শিৱ থাপাই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।

Advertisment

অনিকেট জনাৰ্ধন পাণ্ডেক ৫-০ ব্যৱধানত পৰাস্ত কৰে শিৱ থাপাই। আনহাতে, লাভলীনা, অংকুশিতা, যমুনা, ফাইলাও প্ৰৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত। মঞ্জু বসুমতাৰীও প্রৱেশ কৰিছে কোৱাৰ্টাৰ ফাইনেলত।

অহা ১২ অক্টোবৰত অন্ত পৰিব লগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমে ৬ অক্টোবৰলৈ হৈ যোৱা খেলত ৬টা সোণ, ৭টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ ১৫ নম্বৰ স্থানত স্থান লাভ কৰিছে।

assam india national games siva thapa