নিশা হোৱাৰ পাছতো গুৱাহাটীৰ ৰাজপথত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

নিশা হোৱাৰ পাছতো গুৱাহাটীৰ ৰাজপথত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

author-image
asomiyapratidin
New Update
নিশা হোৱাৰ পাছতো গুৱাহাটীৰ ৰাজপথত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

ডিজিটেল ডেস্ক: নিশা হ'ল, নামি আহিল আন্ধাৰ। ১৫ আগষ্টৰ বাবে সজাই তোলা হৈছিল মহানগৰ। অলিয়ে-গলিয়ে, বাটে-পথে আৰি দিয়া হৈছিল জাতীয় পতাকা।  জাতীয় পতাকাৰ নিয়ম অনুসৰি ১৫ আগষ্ট উদযাপন পাৰ হোৱাৰ পাছত সন্ধিয়ালৈ নমাব লাগে জাতীয় পতাকা বা আঁতৰাব লাগে স-সন্মানেৰে সেই পতাকা সমূহ।

Advertisment

কিন্তু গুৱাহাটী মহানগৰীত সেয়া হোৱা নাই। সচিবালয়ৰ কাষৰ সমীপৰ উৰণীয়া সেঁতুত নিশাও উৰি আছে জাতীয় পতাকা। এম এল এক হোষ্টেলৰ গোলচক্ৰতো একেই অৱস্থা।

আজাদী অমৃত মহোৎসৱৰ বাবে সেইবোৰ তোলা হৈছিল ভাল কথা। কিন্তু সেই জাতীয় পতাকা খনৰ মৰ্যদা ৰক্ষা কৰিব কোনো এতিয়া? মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছিল ১৫ আগষ্টৰ সন্ধিয়া সেই সমূহ স-সন্মানে আঁতৰাবলৈ। সেয়া .হৈ উঠা দেখা নগ'ল।

 নিশা ১০ বজাত দিছপুৰৰ সমীপতে যদি এই অৱস্থা হয় আন প্ৰান্তত কি হ'ব জাতীয় পতাকা? দেশৰ ঐক্য সংহতি আৰু মৰ্যদাৰ প্ৰতিফলন ঘটা জাতীয় পতাকা খন উৰুওৱা হৈছিল ঠিকেই। এতিয়া স্বাধীনতা দিৱস শেষ হোৱাৰ পাছত প্ৰশ্ন উঠিছে সেই জাতীয় পতাকা খনৰ মৰ্যদা খৰ্ব হ'ব নেকি?

আৰু পঢ়ক: বন্য হস্তীৰ আক্ৰমণত শিশু সহ৩ জনৰ মৃত্যু

assam guwahati himanta biswa sarma independence day