ৰাষ্ট্ৰীয় নাট মহোৎসৱত নাগালেণ্ড হিলছ থিয়েটাৰৰ 'উচ য়ম দা লেংগুৱেজ ভিলেজ' প্ৰদৰ্শন

প্ৰকৃতিৰ মুকলি মঞ্চত নাট উপভোগ কৰি উৎফুল্লিত সহস্ৰাধিক ৰাইজ
ৰাষ্ট্ৰীয় নাট মহোৎসৱ
ৰাষ্ট্ৰীয় নাট মহোৎসৱ

ডিজিটেল সংবাদ,বেকাজানঃ পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া মুকলি মঞ্চত নাট উপভোগ কৰিবলৈ হিলদল ভাঙি ওলাই আহিল তিতাবৰৰ বান্দৰচলিয়াৰ অসম-নাগালেণ্ডৰ সহস্ৰাধিক গাঁৱবাসী । উদং পথাৰৰ নৰা-খেৰ কাটি মঞ্চ তৈয়াৰ কৰি তথা বাঁহৰ আৰামী চকীত বহি উপভোগ কৰিছে ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলৰ আগশাৰীৰ অপেছাদাৰী নাট্য দলৰ কলাত্মক নাটক ।

তিনিদিনীয়া এই নাট ফুটহিলছ নাট মহোৎসৱৰ লক্ষ্য হৈছে নগা অসমীয়া মাজত সীমান্তত সংঘাত নহয় বৰঞ্চ দুয়োখন চুবুৰীয়া ৰাজ্য মাজত নাটকৰ জৰিয়তে শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিনিময় কৰা । তাহানিৰ সেই ডালিমী গদাপাণিৰ ঐতিহাসিক দিনৰে চলি অহা অসমীয়া আৰু নগা মাজত সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি সুদৃঢ় কৰি ৰখাৰ উদ্দেশ্য দেওবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ।

সোমবাৰে দ্বিতীয় দিনাৰ মূল নাট মহোৎসৱৰ মুকলিমঞ্চ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ কাম্যাখা প্ৰসাদ তাছাই । মঞ্চ উদ্বোধন কৰি সাংসদ তাছাই কয় "মই প্ৰকৃতিৰ মুকলি মঞ্চত নাটক মঞ্চস্থত কৰা কেতিয়াও দেখা নাছিলো । এই ব্যতিক্ৰমী প্ৰচেষ্টা শলাগিব লগা । ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলৰ নাটকত কোনো বাহ্যিকতা নাই । ইয়াত জীৱনৰ কথাবোৰ নাটক মাধ্যমেৰে মঞ্চস্থ কৰা হৈছে । সচাকৈ অনন্য । এই ব্যতিক্ৰমী নাট্য পৰিবেশন শৈলীক মানুহে গ্ৰহণ কৰিছে । কৃত্ৰিম মঞ্চ ব্যৱহাৰ নকৰাকৈ এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱে নাটকক কলাত্মক ৰূপত সুন্দৰকৈ উপস্থাপন কৰিছে । এই নাট মহোৎসৱে নগা আৰু অসমীয়া মাজত সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰিব ।"

ইফালে আজি ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলত নাগালেণ্ডৰ ' নাগালেণ্ড হিলছ থিয়েটাৰৰ' শিল্পী কলা-কৌশলীসকেল মঞ্চস্থ কৰে জনপ্ৰিয় নাট্যকাৰ বেনডাঙ ৱালিঙৰ ৰচনা আৰু পৰিচালনাৰ নাট ' উচ য়ম দা লেংগুৱেজ ভিলেজ ' প্ৰদৰ্শন কৰে । আনহাতে তেজপুৰ ঝংকাৰ থিয়েটাৰে পৰিবেশন কৰে ' দা স্মল বাৰ্ড' নাট ।

তদুপৰি নাট পৰিবেশনৰ মাজতে অসম আৰু নাগালেণ্ডৰ বহুকেইটা সাংস্কৃতিক দলে বিভিন্ন জনগোষ্ঠীয় বাৰেৰহনীয়া কলা -সংস্কৃতি প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত এই নাট মহোৎসৱ শুভাৰম্ভ কৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে ।

উল্লেখযোগ্য যে তিতাবৰ বিনয় শইকীয়া আৰু পঞ্চানন দুৱৰা, নৰেন তাঁতী কপিল বৰুৱা আৰু পুলক কছাৰীৰ দৰে নাটক ভাল পোৱা কেইজনমান লোকৰ উদ্যোগ অসম- নাগালেণ্ড সীমান্তৰ পাদপ্ৰদেশত আয়োজন কৰা হৈছে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৩ । কাইলৈ এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱত অসমৰ কেইবাটাও প্ৰখ্যাত নাট্য দলৰ লগতে নাগালেণ্ড নাট্য দলে নাট প্ৰদৰ্শন কৰিব ।

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে অসম আৰু নাগালেণ্ডৰ মাজত অনুষ্ঠিত হ'ব লগা এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ উদ্দেশ্যে হৈছে নাটকৰ জৰিয়তে সাংস্কৃতিক সমন্বয় গঢ়া । বিশেষকৈ নাটক যে এক প্ৰাকৃতিক পৰিবেশত কৰিব পাৰি সেই ব্যতিক্ৰমী চিন্তাৰে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ জন্ম । প্ৰাকৃতিক পৰিবেশত মুকলি মঞ্চত নাট প্ৰদৰ্শন কৰা উজনি অসমৰ প্ৰথম চিন্তা ।

আটাইতকৈ ভাল লগা কথা এই এই পাদদেশীয় নাট মহোৎসৱৰ বাবে তাঁতী গাঁৱৰ ২১ ঘৰৰ মানুহে এটকা পাৰিশ্ৰমিক নোলোৱাকৈ বাঁহ নৰা-খেৰে মঞ্চ আৰু দৰ্শক বহিৰ বাবে সকলো ব্যৱস্থা গঢ়ি তুলিছে । এয়াই নাটকৰ প্ৰতি ৰাইজৰ ভাল পোৱা ।

ইতিমধ্যে নগা পাহাৰ পৰা বাঁহ -কাঠ আৰু ভৈয়ামৰ পৰা ধানৰ নৰা আনি পাহাৰীয়া মুকলি পৰিবেশত আটকধুনীয়াকৈ নিৰ্মাণ কৰা মঞ্চত মঞ্চস্থ কৰা ব্যতিক্ৰম ধৰ্মী নাট উপভোগ কৰিব সহস্ৰাধিক দৰ্শক উৎফুল্লিত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in