চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ নাকৰ বি+ গ্ৰেড

একেদৰে মহাবিদ্যালয়ৰ সন্তোষজনক আন্তঃগাঠনিক পুৰামাত্ৰাই সন্তুষ্টি প্ৰশংসা কৰে
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ নাকৰ বি+ গ্ৰেড

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ নাকৰ বি+ গ্ৰেড। সদ্য সম্পন্ন নাকৰ মূল্যায়নত ৰাজ্যখনৰ এক অগ্ৰনী বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে লাভ কৰিলে প্ৰত্যাশিত ফলালফ।

যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত 'নাক'ৰ এটা দলে পৰিভ্ৰমণ কৰে মহাবিদ্যালয়খন। পৰিদৰ্শনৰ পিছতে ঘোষিত ফলাফলত মহাবিদ্যালয়খনে লাভ কৰিলে নাকৰ বি+ গ্ৰেড (চি জি পি এ -২,৭০)।

দলটোত আছিল মুম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ পেডেনকাৰ,লক্ষনৌ বিশ্ববিদ্যালয়ৰ অধ্যাপক এ চি শুক্লা,শ্ৰীকাকুলাম কলেজ অৱ উইমেনৰ অধ্যক্ষা ডঃ মৈথেলী কেটাভাৰপু। দুদিনযোৰা কাৰ্যসূচীত দলটোৱে মহাবিদ্যালয়ৰ শিক্ষক, শিক্ষাৰ্থী,সমাজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সু-সম্পৰ্ক লৈ সন্তোষ প্ৰকাশ কৰে।

মহাবিদ্যালয়ৰ বেম্ব চেটাম, অৰ্কিড উদ্যান,ঔষধি উদ্যানৰ পৰা বৃত্তিমুখী চিলাই কামৰ প্ৰশিক্ষণৰ দৰে ব্যতিক্ৰমী কৰ্মসূচীক প্ৰশংসা কৰে। একেদৰে মহাবিদ্যালয়ৰ সন্তোষজনক আন্তঃগাঠনিক পুৰামাত্ৰাই সন্তুষ্টি প্ৰশংসা কৰে।

মহাবিদ্যালয়ৰ এই কৃতিত্বৰ বাবে মহাবিদ্যালয় পৰিয়াল,চৰকাৰ আৰু স্থানীয় ৰাইজক ধন্যবাদ জনাইছে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত শইকীয়াই। প্ৰত্যাৱৰ্তনৰ পথত নাকৰ দলটোৱে দি গ'ল বহুতো গঠনমূলক পৰামৰ্শ। মহাবিদ্যালয়ৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাইজ।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়লৈ নাকৰ বি+ গ্ৰেড
মনিষ চিছোদিয়াৰ পিছত ৰাবড়ী দেৱী ! ৫ ঘণ্টা ধৰি বাসগৃহতে চি বি আইয়ে চলালে জেৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in