অসমৰ দুই জলকন্যাই গঢ়িলে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ...

৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ দুই কন্যাই গঢ়িলে ৰাষ্ট্ৰীয় অভিলেখ

author-image
Asomiya Pratidin
New Update
অসমৰ দুই জলকন্যাই গঢ়িলে দুটাকৈ ৰাষ্ট্ৰীয় অভিলেখ...

ডিজিটেল ডেস্ক : যোৱা ৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ সৰুসজাই একোৱাটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপৰ দেওবাৰে সামৰণি পৰে।

৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ দুই কন্যাই গঢ়িলে ৰাষ্ট্ৰীয় অভিলেখ। ৯ ছেপ্টেম্বৰত অসম কন্যা আস্থা চৌধুৰীয়ে ১.০৩.০৭ মিনিট সময়েৰে নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়ে। মহিলাৰ ১০০ মিটাৰ বাটাৰ ফ্লাই ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে আস্থাই।

ইয়াৰ উপৰিও অসম কন্যা আস্থাই ২০০৯ চনৰ আৰ্হাথা মেঘাবীৰ ১৩ বছৰীয়া অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। আনাহতে, অসম কন্যা শিৱাংগী শৰ্মাই ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ৫৭.৭৩ ছেকেণ্ড সময়েৰে স্বৰ্ণ জয় কৰাৰ লগতে এক নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০১৯ চনতে ভূপালত কেনিলা গুপ্তাই ৫৭.২৬ ছেকেণ্ড সময়েৰে এই ৰেকৰ্ড গঢ়িছিল। এই প্ৰতিযোগিতাত অসমে ৩টা স্বৰ্ণ পদক, ৪টা ৰূপ আৰু ১১টা ব্ৰঞ্জ পদক জয়েৰে তালিকাৰ ষষ্ঠ স্থান দখল কৰে।

তালিকাৰ শীৰ্ষস্থান দখল কৰে কৰ্ণাটকে। কৰ্ণাটকে মুঠ ১৪টা স্বৰ্ণ, ৪টা ৰূপ আৰু ১১টা ব্ৰঞ্জসহ মুঠ ২৯টা পদক লাভ কৰিবলৈ সক্ষম হয়। অসমৰ আস্থা চৌধুৰীয়ে দুটাকৈ স্বৰ্ণ পদক জয় কৰি উৎফুল্লিত হৈ পৰে।

আস্থা আৰু শিৱাংগী দুয়োগৰাকীয়ে পৰৱৰ্তী লক্ষ্য এছিয়েন গেমছ। অসম জীয়ৰী শিৱাংগী শৰ্মাই এছিয়ান গেমছত যোগত্যা অৰ্জন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

assam guwahati