/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2806500f-a23b-4bdb-ba21-88c589f21f48/gu.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীৰ সৰুসজাই একোৱাটিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হৈছে ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। ৬ ছেপ্টেম্বৰ, মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা।
দেশৰ ২৯খন ৰাজ্যৰ প্ৰায় ৭০০ গৰাকীৰো অধিক সাতোৰবিদে অংশগ্ৰহণ কৰিছে এই প্ৰতিযাগিতাত। প্ৰতিকূল বতৰকো নেওচি বৰ্তমানেও অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। আনহাতে এই প্ৰতিযোগিতাত অসমৰ ৩৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনি অহা ১০ ছেপ্টেম্বৰত অন্ত পৰিব। আনাহতে অলিম্পিয়ান মন্না পেটেলেও অংশ লৈছে এই প্ৰতিযোগিতাত। অসম সাঁতোৰ সন্থা আৰু ভাৰতীয় সাঁতোৰ সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে কৰা হৈছে এই প্ৰতিযোগিতা।