ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসম দলৰ জাৰ্চী মুকলিঃ পদক লাভ কৰা প্ৰতিজন খেলুৱৈক দিব চাকৰি...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে এই জাৰ্চী...

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে অসম দলৰ জাৰ্চী মুকলিঃ পদক লাভ কৰা প্ৰতিজন খেলুৱৈক দিব চাকৰি...

natinal games official kit launch

ডিজিটেল ডেস্কঃ ২৭ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হ'ব ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অসমেও প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। তাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে অসম দলটোৰ জাৰ্চী।

Advertisment

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম দলটোৱে শীৰ্ষ ৫ টা স্থানৰ ভিতৰত থাকিব পাৰিব বুলি আশা প্ৰকাশ কৰি খেলুৱৈসকলক উদ্দেশ্য কৰি কয় যে, দ'প টেষ্টত যাতে অসমৰ খেলুৱৈ বিফল নহয় তাৰ বাবে সকলোকে সচেতন হ'বলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেওঁলোকক কোনোবাই কিবা খাবলৈ দিলে নাখাবলৈও পৰামৰ্শ আগবঢ়ায়।

natinal games official kit launch
natinal games official kit launch

আনহাতে ক্ৰীড়া আন্তঃগাঁথনিৰ কথা কবলৈ গে মুখ্যমন্ত্ৰীগৰাকীয় কয় যে, সৰুসজাইৰ পিছতে দ্বিতীয়খন বৃহৎ ষ্টেডিয়াম হ'ব চন্দ্ৰপুৰত। আনহাতে ঐতিহাসিক নেহেৰু ষ্টেডিয়াম ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰি কয় যে, নেহেৰু ষ্টেডিয়ামক নতুন ৰূপ দিয়া হ'ব।

ইফালে হোটেল লেণ্ডমাৰ্ক চৰকাৰে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰাৰ কথাও এই অনুষ্ঠানতে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ হোটেল লেণ্ডমাৰ্ক নেহেৰু ষ্টেডিয়ামৰ অধীনলৈ আনি সেই স্থান মুকলি কৰি ৰখাৰ কথা প্ৰকাশ কৰে।

natinal games official kit launch
natinal games official kit launch

ৰাষ্ট্ৰীয় ক্ৰীড়াত সফলতা লাভ কৰা প্ৰতিজন খেলুৱৈক ৰাজ্য চৰকাৰে সংস্থাপন দিয়াৰ কথা প্ৰকাশ কৰি কয় যে, প্ৰতিযোগিতাখনত পদক পোৱা সকলো খেলুৱৈকে অৰ্হতা অনুসৰি চাকৰি দিয়াৰ কথা কয়। তেওঁ ৰাজ্যৰ ক্ৰীড়া নীতিও সলনি কৰাৰ কথা উল্লেখ কৰি হাৰিয়ানাকে ধৰি অন্যান্য ৰাজ্যৰ ক্ৰীড়া নীতি অধ্যয়ন কৰি থকাৰ উল্লেখ প্ৰকাশ কৰি কয় যে, শীঘ্ৰে সংশোন কৰা হ'ব ৰাজ্যৰ ক্ৰীড়া নীতি।

অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত তেওঁ অসম অলিম্পিক সন্থাক পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

assam sarbananda sonowal cm himanta biswa sarma