/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bebejiya-1.jpg)
ডিজিটেল সংবাদ ,বেবেজীয়া : নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহা গাঁৱৰ সদ্য প্ৰয়াত সমাজকৰ্মী,নামাচাৰ্য তথা জলসিঞ্চন বিভাগৰ অৱসৰী কৰ্মচাৰী নৰেন বৰাৰ স্মৃতিত আজি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । প্ৰয়াত সমাজকৰ্মী গৰাকীৰ বাসগৃহৰ চোতালত অনুষ্ঠিত হোৱা এই সভাখনত পৌৰহিত্য কৰে বৰজহা নামঘৰৰ স্থায়ী সমিতিৰ সভাপতি প্ৰবীণ মজুমদাৰে ।
জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত যোৱা ১৪ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰা নামাচাৰ্য নৰেন বৰাৰ স্মৃতি ৰোমন্থন কৰি বহু কেইগৰাকী বক্তাই তেওঁৰ সামাজিক অৱদান আৰু কীৰ্তিৰ সন্দৰ্ভত আলোকপাত কৰে । বৰজহা নামঘৰৰ স্থায়ী সমিতিৰ উপ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকা, সম্পাদক লক্ষ্যব্ৰত বৰঠাকুৰ, সহকাৰী সম্পাদক অনিল কুমাৰ হাজৰিকা, পাঠেক পংকজ বৰা, নামঘৰীয়া গুণেন বৰা আদিকে ধৰি বিভিন্নজন দায়িত্বশীল ব্যক্তি উপস্থিত থকা এই সভাত ঘোষা পৰিবেশন কৰি প্ৰয়াত নৰেন বৰাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰাৰ লগতে তেওঁৰ পত্নী কুসুম বৰাৰ হাতত এখনি শ্ৰদ্ধাঞ্জলি পত্ৰও প্ৰদান কৰে ।
উল্লেখ্য যে, ১৯৫১ চনত জন্মগ্ৰহণ কৰা নৰেন বৰা অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰিও একাধিক অনুষ্ঠানৰ নেতৃত্বও বহন কৰিছিল । সৰবৰহী ব্যক্তি গৰাকীৰ মৃত্যত স্থানীয় বিধায়ক ৰূপক শৰ্মা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, সামাজিক-সাংস্কৃতিক-অনুষ্ঠান 'সৃষ্টি', অৰুণোদয় পুথিভঁৰাল, বৰজহা ৰঙালী বিহু উদযাপন সমিতি আদিকে ধৰি বিভিন্ন ব্যক্তি বিশেষ তথা অনুষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে ।