/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/narayanpur-31.jpg)
ডিজিটেল সংবাদ নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গত ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ এটা পথৰ দুৰৱস্থাই পথচাৰীসকলক বাৰুকৈয়ে জলাকলা খুৱাই আহিছে । পথচোৱাত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হোৱাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে প্ৰতিজন লোকেই যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিব লগা হৈছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/c86208b0-f8df-49d4-8821-719710a03d59-1024x576.jpg)
বাৰিষাটো বাদেই খৰালিৰ এজাক বৰষুণতে বিধ্বস্ত হৈ পৰে পথটি । স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো সন্দিকৈ তিনিআলিৰ পৰা ভাঙনি চুক হৈ বালিপথাৰ সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘৰ পথটিৰ দুৰৱস্থাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভোগ কৰি আহিছে ।
বিগত সময়চোৱাত পথটিত শিলগুটিতো দূৰৰে কথা মাটি এচপৰাও নপৰিল বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে । স্থানীয় ৰাইজে মাজে মাজে গাঠিৰ ধন ভাঙি কেইট্ৰেক্টৰ মান মাটি-বালি পেলাই পথছোৱা যাতায়তৰ বাবে উপযোগী কৰি লয় যদিও বাৰিষাটো বাদেই খৰালিৰ এজাক সামান্য বৰষুণতে যাতায়তৰ অনুপযোগী হৈ পৰে সমগ্ৰ পথছোৱা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/b86b4901-b817-4b28-991f-ba241fcfc2e6-1-1024x576.jpg)
বিগত সময়ছোৱাত অঞ্চলটোৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধি আৰু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ লগতে স্থানীয় বিধায়ক গৰাকীক বহুবাৰ আৱেদন-নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়ক ড০ অমীয় কুমাৰ ভূঞাৰ ওচৰত অঞ্চলটোৰ ৰাইজৰ দাবী শীঘ্ৰে সদাব্যস্ত পথছোৱাৰ উন্নীতকৰণ কৰি পথচাৰী সকলক সুবিধা কৰি দিয়েযেন ।