/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ln.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লণ্ডনত তিনিমাহৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ সুযোগ লাভ কৰিছে নাৰায়ণপুৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰজ্বলিতা নেওগ নামৰ ছাত্ৰী গৰাকীৰ ঘৰ নাৰায়ণপুৰৰ জৰাবাৰীত।
মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ নেওগ আৰু জ্যোতি বেজবৰুৱা নেওগ কন্যা পজ্বলিতাই লাভ কৰা সুযোগৰ বাবে পৰিয়ালৰ লগতে অঞ্চলটোৰ লোক সকল উৎফুল্লিত হৈ পৰিছে।অহা ২৭ এপ্ৰিলত লণ্ডন অভিমুখে যাত্ৰা কৰিব ছাত্ৰী গৰাকীয়ে। ইতিমধ্যে লণ্ডনৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা যাত্ৰাৰ বাবে ভিছা,পাছপৰ্টৰ লগতে সকলো যাৱতীয় কাম সম্পূৰ্ণ কৰি দিয়া হৈছে ছাত্ৰী গৰাকীক।
National Agricultural Higher Education Programme চমুকৈ NAHEP ৰ অধিনত Integrating agriculture, food, nutrition and health- A real life experiential learning APPROACH বিষয়ক গৱেষণাৰ বাবে লণ্ডনৰ University of Central Lancashire, Prestonত তিনিমাহৰ বাবে প্ৰশিক্ষণৰ সুযোগ লাভ কৰা পজ্বলিতা লখিমপুৰ জিলাৰ একমাত্ৰ ছাত্ৰী।
ছাত্ৰী গৰাকীৰ লগত অসমৰ পৰা আন ১৪ গৰাকী মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে লণ্ডন অভিমুখে যাত্ৰা কৰিব। লণ্ডনত উক্ত প্ৰশিক্ষণৰ জৰিয়তে আহৰণ কৰা জ্ঞানেৰে ভৱিষ্যতৰ দিনত অসম তথা ভাৰতবৰ্ষৰ বাবে কাম কৰাৰ হাবিয়াস পুহি ৰখা ছাত্ৰী পজ্বলিতা নওগলৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰাও যাঁচিলো আন্তৰিক শুভকামনা ।
আৰু পঢ়ক: "মোক চাকৰিৰ পৰা নিলম্বন কৰক"এগৰাকী আৰক্ষী কনিষ্টবলৰ কাতৰ আহ্বান…