/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/rca.jpg)
ডিজিটেল সংবাদ,নাৰায়ণপুৰ : নাৰায়ণপুৰৰ য'খৰীয়াত ডাম্পাৰে মহতিয়ালে স্কুলীয়া ছাত্ৰক ৷ শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
গুৰু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত অধ্যয়ণৰত ইমদাদুল ইছলাম নামৰ ছাত্ৰজন বায়েকৰ সৈতে বিদ্যালয়ৰ পৰা ঘৰমুখে আহি থাকোতে নাৰায়ণপুৰৰ য'খৰীয়াৰ তাঁতিবাহাৰ-ৰঙতি পথত AS 22 C 6698 নম্বৰৰ ডাম্পাৰ খনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰি ডাম্পাৰ এৰি চালকজনে পলায়ন কৰে ৷
মূমুৰ্ষ অৱস্থাত ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷দীৰ্ঘদিন ধৰি পথটোত একাংশ ডাম্পাৰৰ দৌৰাত্ম্যত যাতায়ত কৰিব নোৱাৰা অৱস্থা পথচাৰীৰ ৷ যাৰ বাবে দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ ৷ ডাম্পাৰ চলাচল এই পথত বন্ধ কৰাৰো দাবী তুলিলে ৰাইজে।
আৰু পঢ়ক: বাক্সা আৰু পাঞ্জাৱ লুধিয়ানাৰ আগশাৰীৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময়