তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক, থিতাতে নিহত বিশিষ্ট জ্যোতিষী ফটিক শইকীয়া

দেওবাৰে বিয়লি নাৰায়ণপুৰত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়।
তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক, থিতাতে নিহত বিশিষ্ট জ্যোতিষী ফটিক শইকীয়া

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: দেওবাৰে বিয়লি নাৰায়ণপুৰত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। লখিমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে বাইক আৰোহীক।

এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। নিহত লোক জনক ধলপুৰ ভেলাইমৰাৰ অৱসৰপ্ৰাপ্ত চিকিৎসা কৰ্মী ফটিক শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

নাৰায়ণপুৰৰ শিমলুগুৰি ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল শইকীয়া। ২০১২ বৰ্ষত অৱসৰ গ্ৰহণ কৰিয়েই নাৰায়ণপুৰ নগৰত আৰাধনা জ্যোতিষ কেন্দ্ৰ নামেৰে এটা কেন্দ্ৰ খুলি সেৱা আগবঢ়াই আহিছিল।

আজি বিয়লি জ্যোতিষ কেন্দ্ৰত কাম কাজ সামৰি বাইকেৰে গৃহাভিমুখে গৈ থকা অৱস্থাত বিখ্যাত জ্যোতিষী গৰাকী পথ দুৰ্ঘটনাত থিতাতে নিহত হয়।প্ৰয়াত ফটিক শইকীয়াই মৃত্যুৰ সময়ত পত্নী সহ দুজন পুত্ৰ আৰু তিনি গৰাকী কন্যা,জোৱাই,নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in