পথ দুৰ্ঘটনাত মৃত্যু ২ যুৱকৰ, উদ্ধাৰ হোৱা নাই পৰিচয়…

পথ দুৰ্ঘটনাত মৃত্যু ২ যুৱকৰ, উদ্ধাৰ হোৱা নাই পৰিচয়…

author-image
asomiyapratidin
New Update
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খোলচোৱা পুখুৰীৰ পাৰত সোমবাৰে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

AS 07 S 0902 নম্বৰৰ মটৰ চাইকেলৰে আহি থকা দুজন যুৱকে পথৰ দাঁতিত ৰাখি থোৱা AS 02 E 5989 নম্বৰৰ এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

ঘটনাত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন যুৱক গুৰুতৰ ভাৱে আহত হয়। ইতিমধ্যে আহত যুৱক জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু মুখত পৰে বুলি জানিব পৰা গৈছে ।

বৰ্তমানলৈকে যুৱক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ঘটনাস্থলীত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

assam narayanpur road accident