/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/narayanpur_11zon.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: মাৰাত্মক কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অতি ভিতৰুৱা গ্ৰামাঞ্চলিয় চহা ৰাইজক স্পৰ্শ কৰিব পৰা নাই কোভিড-১৯ ৰ চৰকাৰী ভেকচিন প্ৰদান আঁচনিয়ে । যাতায়তৰ দুৰ্গমতা আৰু বিধ্বস্ত পথৰ বাবে চৰকাৰীভাবে অব্যাহত ৰখা এনে অতি জৰুৰী বিনামূলীয়া সেৱাৰ পৰা মাহ মাহ ধৰি বঞ্চিত হৈ অহা নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত স্বয়ং কেৰকেৰ গাঁওৰ প্রবঞ্চিত নাগৰিকসকলক সোমবাৰে কোভিড-১৯ ৰ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়।
নাৰায়নপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে চক্ৰটোৰ কলীয়াপানি স্বৰূপ দক্ষিণ নাৰায়নপুৰ পঞ্চায়তৰ অন্তৰ্গত স্বয়ং কেৰকেৰ গাঁৱৰ বাসিন্দা সকলৰ মাজত এই ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হয়। নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়া , সম্পাদক চন্দন শইকীয়া , সদস্য ক্ৰমে চিত্ৰনাথ গগৈ , দেৱজিত দুৱৰা , পংকজ দেওধাই , বিতোপন ফুকন , সৰুজ নেওগ ,দিপান্তৰ কাকতি , চাণক্য বৰুৱা আদিয়ে ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটা স্বাস্থ্য কৰ্মীৰ দলৰ সহযোগত উপস্থিত হয় গাওঁখনত । নাও আৰু পদব্ৰজে গৈ অতি পিছপৰা নৈ পৰীয়া গাঁওখনত উপস্থিত হৈ দিনটোৰ ভিতৰত প্ৰায় ৩০০ গৰাকী ব্যক্তিক বিনামূলীয়া ভাবে কোভিড-১৯ ৰ ভেকচিন দিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/fa4a22a3-be78-4576-b771-5cac3fa94168_11zon-1024x505.jpg)
গাওঁবাসীসকলেও শৃংখলাবদ্ধ ভাৱে শাৰী পাতি নাৰায়নপুৰ প্ৰেছ ক্লাৱৰ বিশেষ তৎপৰতাত আগবঢ়োৱা এই বিনামূলীয়া সেৱা গ্ৰহণ কৰে। নাৰায়নপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিনাক্ষী বৰ্মন, নাৰায়নপুৰ থানাৰ অ' চি বদন চন্দ্ৰ কলিতা, ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীসকলৰ সহযোগিতাত অনুষ্ঠিত কৰা এই ভেকচিন প্ৰদান শিবিৰত প্ৰায় ৩০০ গৰাকী নাগৰিকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা বুলি প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়াই জানিবলৈ দি গাঁওখনৰ জনসংখ্যাৰ বিপৰীতে অনাগত সময়ত অধিক এনে ভেকচিন শিবিৰ অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা দোহাৰিলে।
তেওঁ প্ৰেছ ক্লাৱেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি জনাইছে। প্ৰেছ ক্লাৱৰ কৰ্মকর্তা সকলে সজাগতা আৰু সচেতনতাৰ জৰীয়তেহে এই অতিমাৰী ৰোধ কৰাটো সম্ভৱ বুলি গঞা ৰাইজক অৱগত কৰি শাৰীৰিক দূৰত্ব বজাই জন সমাগমৰ পৰা আঁতৰত থাকি নিজৰ লগতে অন্যৰো জীৱন সুৰক্ষিত কৰাৰ আহ্বান জনায় ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা চলাই ।