/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/narayan.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পিছলা গাঁও পঞ্চায়ত এলেকাৰ এটা পথৰ দুৰৱস্থাই পথচাৰী সকলক বাৰুকৈয়ে জলাকলা খুৱাই আহিছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে প্ৰতিজন লোকেই জমৰ যাতনা ভোগ কৰিব লগা হৈছে ।
বাৰিষাটো বাদেই খৰালিৰ এজাক বৰষুনতে বিদ্ধস্ত হৈ পৰে পথটি । স্বাধীনতাৰ ৭ দশকৰ পিছতো যমুনাখাতৰ পৰা ন-পাম জৰাবাৰী হৈ পিছলা গাঁওপঞ্চায়ত কাৰ্যালয় সংযোগী প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পথটিৰ দুৰৱস্থাৰ ফলত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভোগ কৰি আহিছে ।
বিগত কুৰি বছৰ ধৰি পথটিত শিলগুটিতো দুৰৰে কথা মাটি এচপৰাও নপৰিল বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে । স্থানীয় ৰাইজে মাছে মাজে গাঠিৰ ধন ভাঙি কেইট্ৰেক্টৰ মান মাটি-বালি পেলাই পথছোৱা যাতায়তৰ বাবে উপযোগী কৰি লয় যদিও বাৰিষাটো বাদেই খৰালিৰ এজাক সামান্য বৰষুণতে যাতায়তৰ অনুপযোগী হৈ পৰে সমগ্ৰ পথছোৱা ।
বিগত সময়ছোৱাত অঞ্চলটোৰ ৰাইজে পঞ্চায়ত প্ৰতিনিধি আৰু উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ লগতে স্থানীয় বিধায়ক গৰাকীক আৱেদন-নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় বিধায়ক ড.অমীয় কুমাৰ ভূঞাৰ ওচৰত অঞ্চলটোৰ ৰাইজৰ দাবী শীঘ্ৰে সদাব্যস্ত পথছোৱাৰ উন্নীতকৰণ কৰি পথচাৰী সকলক সুবিধা কৰি দিয়ে যেন ।
আৰু পঢ়ক: পুনৰ বিতর্কৰ আবৰ্ত্তত কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়…