দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন : দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সৈতে মত বিনিময় মন্ত্ৰী পিয়ুষ হাজৰিকাৰ...

সোমবাৰে নাৰায়ণপুৰত উপস্থিত হৈ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী সকল আৰু দলীয় নেতা-কৰ্মী সকলৰ লগত মত বিনিময় কৰে
narayanpur pijush hazarika
narayanpur pijush hazarika

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : ৮ নবেম্বৰত অনুষ্ঠিত হ'বলগা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি ৷ দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত মন্ত্ৰী পিয়ুষ হাজৰিকা সোমবাৰে নাৰায়ণপুৰত উপস্থিত হৈ দলীয় প্ৰাৰ্থীত্ব প্ৰত্যাশী সকল আৰু দলীয় নেতা-কৰ্মী সকলৰ লগত মত বিনিময় কৰে ।

নাৰায়ণপুৰ নগৰৰ হোটেল নাহৰৰ সভাকক্ষত মত বিনিময়ৰ উদ্দেশ্যে অনুষ্ঠিত সভাখনত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিহপুৰীয়াৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞা, সাংসদ পল্লবলোচন দাস, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, দলৰ লখিমপুৰ জিলাৰ প্ৰভাৰী অৰুণজ্যোতি মৰানে।

মত বিনিময়ৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ পৰা গৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰাৰ পিছত সোমবাৰে নিশা বা মঙলবাৰে গুৱাহাটীত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব।

আনহাতে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ বিৰোধী শূন্য হ'ব বুলি দাবী কৰাৰ লগতে কেউখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত হ'ব বুলি দাবী কৰে । উল্লেখ্য যে অহা ৮ নবেম্বৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ২২ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in