/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/narayanpur-2.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : নাৰায়ণপুৰত দেওবাৰে নিশা উপস্থিত হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা । বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত গঢ়লৈ উঠা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সদস্য সকলৰ লগত মত বিনিময় কৰে কন্যাকা আৰু গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ গৰাকীয়ে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ অতিথিশালাত বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত এখন বিশেষ সভাত সদস্য সকলৰ সৈতে মত বিনিময় কৰে পদ্ম হাজৰিকাই । বিধায়কগৰাকীক উষ্ম আদৰণী জনোৱাৰ লগতে উক্ত সভাখনতে জ্যেষ্ঠ বিধায়ক গৰাকীক বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ তৰফৰ পৰাও বিধায়ক পদ্ম হাজৰিকাক আদৰণী জনোৱাৰ লগতে এটা প্ৰস্তাবো তেওঁৰ হাতত অৰ্পণ কৰে। আদৰণি অনুষ্ঠানটিত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদক মাখন তামুলীৰ লগতে অন্যতম বিষয় ববীয়া প্ৰবীণ শইকীয়া, উপেন হাজৰিকা আৰু ৰবীন গোস্বামীয়ে সহযোগ আগবঢ়ায়।
বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সদস্য সকলৰ লগত পদ্ম হাজৰিকাই মত বিনিময়ৰ সময়ত নিজৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰথমে লক্ষ্য স্থিৰ কৰি লব লাগিব বুলি মন্তব্য কৰাৰ লগতে সমবায় সমিতিৰ এটা যুৱক-যুৱতীৰ দলক ভৰলিপৰীয়া কৃষি প্ৰকল্প কন্যাকা লৈ আমন্ত্ৰণ জনায়।
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন কুমাৰ বৰাৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই। ভুপেন বৰা ভাল জ্যোতিষী নহয় বুলি উল্লেখ কৰি তেওঁ যি কয় সদায় তাৰ ওলোটাহে হয় বুলি মন্তব্য কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে।