/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/DALANG.jpg)
ডিজিটেল সংবাদ নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পকী দলং নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙতিৰ পৰা ধেমাগড় সংযোগী পথৰ দিহিৰি নদীৰ ওপৰত মহাবীৰ লাচিত-চিলাৰায় সেতুৰ শিতানত আৰ আই ডি এফ(নাবাৰ্ড) পৰা অনুমোদন লাভ কৰা ১ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা পকী দলংখনৰ নিৰ্মাণ কাৰ্য্যত সংঘটিত হৈছে এই দুৰ্নীতি । ব্যাপক বিসংগতিৰে দলংখন নিৰ্মাণ কৰাৰ সমান্তৰালকৈ দলংখনৰ দুয়ো মূৰত মাটিৰ সলনি বালি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
হৰলালকা কনষ্ট্ৰাকছন নামৰ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰোদ্ধে গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজ । নদীখনৰ মূল গতিপথৰ সলনি বিপৰীত দিশত দলংখন নিৰ্মাণ কৰাৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । আনহাতে স্থানীয় ৰাইজৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰাকৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰে সম্পূৰ্ণ মইমতালিৰে দলং নিৰ্মাণৰ কাম কৰা বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজে ।
ৰাইজৰ দাবী বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে তদন্ত কৰি দলংখনৰ নিৰ্মাণ কাৰ্য্যত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক । এই ক্ষেত্ৰত স্থানীয় বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ হস্তক্ষেপ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে । অন্যথা স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । উল্লেখ্য যে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই বিগত ২০২০ বৰ্ষত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল ।