/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/bigh.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি গাঁৱৰ বৌদ্ধ বিহাৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম বৌদ্ধ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সভাৰ দেওবাৰে সামৰণি পৰে । সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি ভদন্ত জ্ঞানপাল মহাথেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত সদৌ অসম বৌদ্ধ মহাসভাৰ অন্তৰ্গত বহু কেইখন জিলাৰ পৰা অহা প্ৰতিনিয়ে অংশগ্ৰহণ কৰে।
বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ টিপিটক গ্ৰন্থক অসমীয়ালৈ অনুবাদ কৰাৰ বাবে বিশেষ ভৱে পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ বৰ্তমান হেৰাই যাব খোজা টাই ভাষাটো পুনৰ উদ্ধাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই বিদ্যালয় প্ৰতিষ্ঠা কৰি পাঠদান আৰম্ভ কৰিছে । বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলে বসবাস কৰা অঞ্চল সমূহৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে গঠিত সদৌ অসম বৌদ্ধ মহাসভাৰ কেন্দ্ৰীয় নেতৃত্বই কাৰ্যনিৰ্বাহক সভাৰ পিছতে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।
সভাত সদৌ অসম বৌদ্ধ মহাসভাৰ কাৰ্যকৰী সভাপতি ড.নৰেন্দ্ৰ নাথ শ্যাম, সাধাৰণ সম্পাদক দিব্যধৰ শ্যাম, মহাসভাৰ ডিব্ৰুগড় জিলাৰ সম্পাদক পেইমথি গোহাঁই,মাধৱদেব বিশ্ববিদ্যালয়ৰ অধ্যাপক টানচেং খাংকেওৰ লগতে কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী বিষয়ববীয়া আৰু অসমৰ কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাখনত স্থানীয় যথেষ্ট সংখ্যক লোক উপস্থিত থাকে।
আৰু পঢ়ক: বানপানী ৰাষ্ট্ৰীয় সমস্যা হোৱাটো বিচাৰো, বিধানসভাত চৰ্চা হ'ব: বিধায়ক কুৰ্মী