/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/narayanpur.jpg)
ডিজিটেল সংবাদ, শিমলুগুৰিঃ শুৱালকুছিত আছুৰ ওপৰত চলা বৰ্বৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি বিয়পি পৰিছে৷ লখিমপুৰৰ নাৰায়ণপুৰত শ্ৰেণীকোঠা এৰি ৰাজপথত ওলাই আহিছে মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্র সমাজ৷
নাৰায়ণপুৰ আঞ্চলিক ছাত্র সন্থাই আগবঢ়োৱা সহযোগৰ ফলত এক ঘন্টা স্তব্ধ হৈ পৰিল নাৰায়ণপুৰ-বিহপুৰীয়া সংযোগী ৰাজ্যিক ঘাইপথ ৷ শ শ প্ৰতিবাদী ছাত্র-ছাত্রীয়ে মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে আৰক্ষীৰ এনে কাণ্ডৰ বিৰুদ্ধে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ,অসম আৰক্ষী গ্ৰ'বেগ শ্ল'গানত উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ৷