/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5011c38b-f583-41ad-a7bf-c55f8c7a5080/narayan.jpg)
narayanpur girl
ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী উপাসনা বৰুৱাৰ আন এক চমকপ্ৰদ উদ্ভাৱন । এইবাৰ গুৰ নহয় । এইবাৰ কেঁচা কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰি উলিয়াইছে আটাগুৰিৰ বিকল্প ।
বিশেষকৈ জাহাজী,চেনীচম্পা,পুৰাকল আৰু ভীমকলৰ পৰা আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে ছাত্ৰী গৰাকীয়ে ।ইতিমধ্যে ছাত্ৰী গৰাকীয়ে Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । এই প্ৰকল্প প্ৰস্তুতিত ছাত্ৰী গৰাকীক মেণ্টৰ হিচাপে সহায় কৰিছে শিক্ষক যজ্ঞোৰাম বৰাই ।
ছাত্ৰী গৰাকীৰ এই সফলতাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱান,খেৰাজখাত চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ বীৰেন বৰাৰ লগতে বিভিন্ন জনে অভিন্দন জ্ঞাপন কৰিছে । উল্লেখ্য যে নাৰায়ণপুৰৰ অগ্ৰনী শিক্ষানুষ্ঠান খেৰাজখাত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী উপাসনা বৰুৱাই ইয়াৰ পূৰ্বে ভীমকলৰ পৰা গুৰ প্ৰস্তুত কৰি বিশেষ চৰ্চা লাভ কৰিছিল।