নাৰায়নপুৰত নিশা ডকাইতি কাণ্ড, দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন…

নাৰায়নপুৰত নিশা ডকাইতি কাণ্ড, দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, নাৰায়নপুৰ: নাৰায়ণপুৰৰ কাচিকতা দেউৰী গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। সত্য হাজৰিকা নামৰ এজন ৰাইচ মিলৰ ব্যৱসায়ী নিশা ৯ মান বজাত বিহপুৰীয়াৰ পৰা বাইকেৰে শ্ৰীভূঞাৰ নিজ গৃহলৈ আহি থকাৰ পথত সংঘটিত হয় এই ডকাইতি কাণ্ড।

প্ৰায় পোন্ধৰ-বিশ জনীয়া এটা দুৰ্বৃত্তৰ দলে আগচি ধৰি আক্ৰমণ কৰি লৈ যাই নগদ ধন আৰু ৰাইচ মেলৰ কিছু সা-সজুঁলি। বাইক খনৰো বিস্তৰ ক্ষতিসাধন কৰে দুৰ্বৃত্তৰ দলটোৱে।

দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপাপ্ত হাজৰিকাক নিশাই ভৰ্তি কৰোৱা হয় নাৰায়ণপুৰস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত। উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আৰু পঢ়ক: জঘন্য! চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত শিশুক যৌন নিৰ্যাতন…

assam Assam police