পুনৰ বহিঃৰাজ্যত সন্দেহজনক মৃত্যু অসমৰ যুৱকৰ…

পুনৰ বহিঃৰাজ্যত সন্দেহজনক মৃত্যু অসমৰ যুৱকৰ…

author-image
asomiyapratidin
New Update
পুনৰ বহিঃৰাজ্যত সন্দেহজনক মৃত্যু অসমৰ যুৱকৰ…

ডিজিটেল ডেস্ক :

Advertisment
  • দেশজুৰি উদযাপিত হোৱা স্বাধীনতাৰ অমৃত মহোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নাৰায়ণপুৰৰ যুৱকৰ বাংগালুৰুত মৃত্যু।
  • ত্ৰিদিপ কোঁৱৰ নামৰ যুৱকজন বাংগালুৰুৰ এটা কোম্পানীত খাদ্য বিভাগৰ অভিযন্তা হিচাপে কৰ্মৰত আছিল।
  • আবাসী হিচাপে থকা ফ্লেটৰ অষ্টম মহলাৰ পৰা পৰি মৃত্যুমুখত পৰাৰ খবৰ লাভ কৰিছে পৰিয়ালৰ লোকে।
  • এই খবৰৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
  • আনহাতে মেধাসম্পন্ন যুৱকজনৰ মৃত্যুক সহজভাবে ল'ব পৰা নাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।
  • ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ আত্মীয় স্বজন আৰু স্থানীয় ৰাইজৰ।
  • মেধাসম্পন্ন যুৱকজন নাৰায়ণপুৰৰ অশোক গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কোঁৱৰ আৰু সুৰমাই কোঁৱৰৰ একমাত্ৰ পুত্ৰ আছিল।
  • ইতিমধ্যে পৰিয়ালৰ লোক বাংগালুৰু অভিমুখে যাত্ৰা কৰিছে।

আৰু পঢ়ক : "যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিব" – নিৰ্মলা সীতাৰমণ…

assam Assam police himanta biswa sarma narayanpur