নাৰায়ণপুৰৰ বৰবালিত ভয়ংকৰ পথ দুৰ্ঘটনা, কনমাণি ছাত্ৰক মহতিয়ালে দ্ৰুতবেগী ডাম্পাৰে...

নাৰায়ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা
narayanpur
narayanpur

ডিজিটেল ডেস্ক, নাৰায়ণপুৰ : নাৰায়ণপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিদ্যালয়লৈ আহি থকাৰ পথত এজন কনমাণি ছাত্ৰক মহতিয়াই নিলে ডাম্পাৰে। লোকেশ্বৰ কাকতি প্ৰাথমিক বিদ্যালয়ৰ আদিত্য দত্ত নামৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ জন গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS 07 AC 7491 । অবৈধ শিল-বালিৰ সৰবৰাহত জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে ডাম্পাৰ খনৰ। সংকটজনক অৱস্থাত ছাত্ৰ জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে ৰাজপথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in