আন্তৰ্জাতিক নাৰী দিৱস; ‘নন্দিনী’ৰ উদ্যোগত সৰ্ববৃহৎ ৰন্ধন প্ৰতিযোগিতা

আন্তৰ্জাতিক নাৰী দিৱস; ‘নন্দিনী’ৰ উদ্যোগত সৰ্ববৃহৎ ৰন্ধন প্ৰতিযোগিতা

ডিজিটেল ডেস্ক: আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।  এই দিৱস উদ্‌যাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। ১৯১৪ চনৰ পৰা কেইবাখনো দেশত ৮ মাৰ্চ পালন কৰিবলৈ আৰম্ভ কৰা হৈছিল যদিও ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰা হয়। প্ৰতিবছৰে নাৰী দিৱস পৃথক পৃথক থিমত পালিত হয় । প্রথমবাৰ ১৯৯৬ চনত নির্দিষ্ট থিমত পালিত হৈছিল আন্তর্জাতিক নাৰী দিৱস। চলিত বৰ্ষত থিম হৈছে – Gender Equality Today for a Sustainable Tomorrow.

এই নাৰী দিৱসৰ ওপৰত লক্ষ্য ৰাখিয়েই 'নন্দিনী'ৰ উদ্যোগত অনুষ্ঠিত হয় "সৰ্ববৃহৎ ৰন্ধন প্ৰতিযোগিতা ২০২২"। নাৰীৰ সংগ্ৰাম আৰু সাফল্যৰ কাহিনীয়ে অনুপ্ৰেৰণা যোগায় সকলোকে। সীমাৰ পৰিধি ভাগি নাৰী এতিয়া গতি কৰিছে উন্নতিৰ শিখৰলৈ। নাৰী সকলে তেওঁলোকৰ অধিকাৰ লাভ কৰাৰ বাবে অহৰহ চেষ্টা কৰি গৈছে। কিন্তু বহু ক্ষেত্ৰত শোষিত হৈ আহিছে নাৰী সকল। সমাজত সমান অধিকাৰৰ যুঁজখন শক্তিশালী কৰায়েই হৈছে আজিৰ দিনৰ অন্যতম উদ্দেশ্য।

ইয়াৰ ওপৰত সংগতি ৰাখিয়েই গুৱাহাটীস্থিত ইম্পেৰিয়েল ইষ্টটত অনুষ্ঠিত হয় এই ৰন্ধন প্ৰতিযোগিতা। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৭ গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। প্ৰতিগৰাকী নাৰীয়েই এগৰাকী ভাল গৃহিনী। সময়ৰ লগত ফেৰ মাৰিয়েই মহিলা সকল ওলাই আহিছে বিভিন্ন ক্ষেত্ৰত নিজকে আগুৱাই নিবলৈ। নন্দিনীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰন্ধন প্ৰতিযোগিতা অংশগ্ৰহণ কৰা মহিলা সকলৰ একাংশই চাকৰি কৰে যদিও একাংশই ভাল গৃহিনী হিচাপে কটাইছে জীৱন। ৰান্ধি ভালপোৱা মহিলা সকলে তৈয়াৰ কৰিছে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন।

মাছেৰে সৰিয়হ, পাতত দিয়া মাছ, অসমীয়া পৰম্পৰাগত খাদ্য, চুচী(মাছৰ ব্যঞ্জন), কাৰ্বি সকলৰ পৰম্পৰাগত খাদ্য, অমিতাৰ সৈতে কুকুৰাৰ মাংস বয়ল, বিৰিয়ানী, মাছ পোৰা, সৰু মাছ ভজা, গাহৰিৰ মাংস, ঢোকলা, দক্ষিণ ভাৰতীয় খাদ্য, বিভিন্ন প্ৰকাৰৰ মিঠাই, জুচ, তিল পিঠাৰ পৃথক ব্যঞ্জন, পানী লাওৰ ব্যঞ্জন আদি বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য তৈয়াৰ কৰে মহিলা সকলে। ঘৰতে বনাই আনি অতি সুকীয়াকৈ সকলোৱে নিজে তৈয়াৰ কৰা ব্যঞ্জনৰ সোৱাদ লৈছে বিচাৰকে। অতুল লহকৰ আৰু যুতি দাস নামৰ দুজনকৈ বিচাৰকে পৰিচালিত কৰে এই ৰন্ধন প্ৰতিযোগীতা। তেওঁলোকে খাদ্য সমূহ সোৱাদ লৈ নিৰ্বাচিন কৰে শ্ৰেষ্ঠ তিনিজনকৈ বিজয়ী।

বিচাৰক সকলে জনাই যে নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ জটিলতাৰ সন্মুখীন হৈছিল কিয়নো সকলোৱে সুস্বাদু খাদ্য তৈয়াৰ কৰিছিল। গতিকে তাৰ মাজৰ পৰা নিৰ্বাচন কৰাটো সহজ নহয়। এই প্ৰতিযোগী সকলৰ মাজত পৰাই নিৰ্বাচন কৰা হৈছিল প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ বিজেতা। ইয়াৰ লগতে আন তিনি গৰাকীকো বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। কাকো নিৰাশ নকৰি নন্দিনীৰ তৰফৰ পৰা অংশগ্ৰহণ কৰা প্ৰতি গৰাকী নাৰীকে প্ৰদান কৰা হয় একোটিকৈ সৰু উপহাৰৰ টোপোলা।

এই প্ৰতিযোগীতাত প্ৰথম পুৰস্কাৰ লাভ কৰে মিনাক্ষী গায়ন., দ্বিতীয় পুৰস্কাৰ লাভ কৰে চায়েদা চমিনা আৰ্ফিন ইছিকা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে কাবেৰী গগৈ ডেকা। প্ৰথম পুৰস্কাৰ লাভ কৰি আনন্দতে চকুলো টুকে মিনাক্ষী গায়নে। তেওঁ কয় যে ৰান্ধি অত্যন্ত ভাল পাই তেওঁ। বিয়াৰ পাছত তেওঁৰ স্বামীয়ে আগবঢ়োৱা সহায় আৰু সমৰ্থনৰ বাবে এয়া সহজ হৈ পৰিছে। লগতে তেওঁ তেওঁৰ বান্ধৱীৰ নামো উল্লেখ কৰে যিয়ে তেওঁক সহায় কৰি আহিছে।

প্ৰতিযোগিতাৰ প্ৰথম গৰাকী বিজেতাক এটা এইচডি টিভি, কিতাপ, প্ৰমান-পত্ৰ,এখন কিতাপ আৰু ফুলৰ থোপা, দ্বিতীয় গৰাকীক প্ৰদান কৰে ৱাচিং মেছিন, কিতাপ, প্ৰমান পত্ৰ, ফুলৰ থোপা আৰু তৃতীয় গৰাকীক মাইক্ৰৱেভ, প্ৰমান পত্ৰ, কিতাপ আৰু ফুলৰ থোপা প্ৰদান কৰে। ইয়াৰ লগতে আন কেইগৰাকীক বিশেষ উপহাৰ প্ৰদান কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে বহু বিশিষ্ট অতিথি। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা, চেতনা দাস, লেখিকা তথা নন্দিনীৰ সম্পাদিকা মাইনী মহন্তৰ লগতে কেইবাগৰাকী বিশিষ্ট অতিথি আৰু দৰ্শক উপস্থিত থাকে। উল্লেখ্য যে, এই অনুষ্ঠানটোৱে উৎসাহিত কৰিছে প্ৰতিগৰাকী নাৰীক। প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ পাই প্ৰতিগৰাকীয়ে অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে।

নাৰী সকলক প্ৰেৰণা দিয়াৰ বাবে এয়া মাত্ৰ এক সৰু প্ৰয়াস। উপযুক্ত পৰিৱেশ আৰু সঠিক পৰামৰ্শৰ অভাৱত বহু নাৰীয়ে নিজকে আত্মপ্ৰকাশ কৰাৰ সুযোগ পোৱা নাই। এখন সুস্থ-সবল সমাজ গঢ়াৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা বহু কাম-কাজৰ জৰিয়তেই উমান পাব পাৰি। এতিয়া নাৰী- পুৰুষৰ মাজত প্ৰতিযোগিতা মনোভাৱ পোষণ কৰাৰ সময় নহয়, সহযোগিতাৰে আগবঢ়াৰ সময়হে। সকলো বাধাৰ প্ৰাচীৰ নেওঁচি সমাজৰ প্ৰতিগৰাকী নাৰীয়েই হওক সমাজ আৰু জাতিৰ ধৰণীস্বৰূপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in