গ্ৰীষ্মৰ আগমনৰ পূর্বে ১২০ মেগৱাত বিদ্যুৎ উৎপাদনৰে সাজু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প

ৱেষ্ট হিট ষ্টীম টাৰ্বাইনটো শুকুৰবাৰে নিশা প্ৰায় ১২.৪৫ বজাত কাৰ্যক্ষম হৈ উঠে
গ্ৰীষ্মৰ আগমনৰ পূর্বে ১২০ মেগৱাত বিদ্যুৎ উৎপাদনৰে সাজু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প

ডিজিটেল সংবাদ, নামৰূপঃ দেশৰ ভিতৰতে অতি পুৰণি ঐতিহ্যমণ্ডিত, নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ ১০০ মেগৱাট ৰিপ্লেচমেণ্ট প্ৰকল্পত এবছৰে  বিকল হৈ থকা ৱেষ্ট হিট ষ্টীম টাৰ্বাইনটো শুকুৰবাৰে নিশা প্ৰায় ১২.৪৫ বজাত  কাৰ্যক্ষম হৈ উঠে।  উল্লেখযোগ্য যে বিপত্তিয়ে নেৰা নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ এশ মেগৱাত ৰিপ্লেছমেণ্ট প্ৰকল্পত বিগত বৰ্ষৰ  ২৩ মাৰ্চৰ  নিশা  প্ৰায়  ১০.৩৫ বজাত উৎপাদনক্ষম অৱস্থাতে    লুব  অইল পৰিবাহী হোচ পাইপ ফাটি  ভয়ানক অগ্নি কাণ্ড সংঘটিত  হয়। 

দুৰ্ঘটনাত  নতুনকৈ উৎপাদনক্ষম হোৱা প্ৰকল্পটোৰ ব্যাপক ক্ষতি সাধন হয়।  ফলত  প্ৰকল্পটোৰ ৩৬.২৫ মেগৱাত বিদ্যুৎ উৎপাদনক্ষম ৱেষ্ট হিট ষ্টীম টাৰ্বাইনটোৰ উৎপাদন বন্ধ হৈ পৰে। পৰৱৰ্তী পৰ্যায়ত বীমা কোম্পানীৰ ছাৰ্ভে , কাৰিকৰী  বিশেষজ্ঞসকলৰ  ছাৰ্ভে সমাপন কৰি বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰ পৰা পূৰ্ণ গতিত মেৰামতি কাম আৰম্ভ হয়। 

নিৰ্মাণ গোষ্ঠী ভেল ( BHEL  ) কোম্পানী আৰু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ উৎপাদন খণ্ডৰ অভিযন্তাসকলৰ নিৰবিছিন্ন প্ৰচেষ্টাৰ অন্তত শুকুৰবাৰে মাজনিশা  প্ৰকল্পটো পুনৰ কৰ্মক্ষম হৈ উঠে।  নিশা ১২.৪৫ বজাত  ৱেষ্ট হিট ষ্টীম টাৰবাইন পুনৰস্থাপিত আৰু চিংক্ৰনাইজ হোৱাৰ পিছতে দিনে নিশাই  কাম কৰি যোৱা অভিযন্তা কৰ্মচাৰী সকলৰ মুখত সফলতাৰ হাঁহি  বিৰিঙি উঠে।  

সম্প্ৰতি নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ  ৰিপ্লেচমেণ্ট প্ৰকল্পত  ৬৩.৭৫ মেগৱাত বিদ্যুৎ উৎপাদনক্ষম গেছ টাৰ্বাইন  আৰু ৩৬.২৫ মেগৱাত  বিদ্যুৎ উৎপাদনক্ষম ৱেষ্ট হিট ষ্টীম টাৰ্বাইন উপাদনক্ষম হৈ প্ৰায় ১০০ মেগৱাত বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে । আনহাতে ৬০ৰ দশকতে স্থাপিত পুৰণি প্ৰকল্পটোয়েও প্ৰায় ২০ মেগাৱাত  বিদ্যুৎ উৎপাদনকৰাৰ ফলত নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ উৎপাদন প্ৰায় ১২০মেগৱাতলৈ বৃদ্ধি পাইছে।

লক্ষণীয় যে সমাগত গ্ৰীষ্মত বিদ্যুতৰ  প্ৰবল নাটনিয়ে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ থকা সময়তে  নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ উৎপাদনে  কিছু হলেও সকাহ দিব বুলি সৰ্বসাধাৰণ ৰাইজে আশা প্ৰকাশ কৰিছে ।  আনহাতে অসম  শক্তি উৎপাদন নিগম লিমিটেড নামৰূপ  শাখাৰ মহা প্ৰবন্ধক মহম্মদ জাকিৰে  এই  ক্ষেত্ৰত   অভিযন্তা আৰু  কৰ্মচাৰী সকলৰ নিৰবিছিন্ন প্ৰচেষ্টাৰ শলাগ লয়।

গ্ৰীষ্মৰ আগমনৰ পূর্বে ১২০ মেগৱাত বিদ্যুৎ উৎপাদনৰে সাজু নামৰূপ তাপ বিদ্যুৎ প্ৰকল্প
নগাঁও কলেজ (অট’নমাচ)ত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জয়ন্তী উদযাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in