নামৰূপৰ লাল পাগুৰি ঘাটত ষঠ পূজা উদযাপন, ১০ হাজাৰ ভক্তক প্ৰসাদ বিতৰণ...

বিহাৰী সম্প্ৰদায়ৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ ষঠ পূজা নামৰূপৰ বিভিন্ন স্থানত উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
নামৰূপৰ লাল পাগুৰি ঘাটত ষঠ পূজা উদযাপন, ১০ হাজাৰ ভক্তক প্ৰসাদ বিতৰণ...

namrup

প্ৰতিদিন সেৱা, নামৰূপ : বিহাৰী সম্প্ৰদায়ৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ ষঠ পূজা নামৰূপৰ বিভিন্ন স্থানত উদযাপন কৰা হয়। মূলতঃ দেৱী পাৰ্বতীৰ ষষ্ঠ স্বৰূপ ষঠ দেৱী আৰু সূৰ্য্য দেৱতাক ইষ্ট হিচাপে পূজা কৰা চাৰি দিবশীয় এই পূজা ভাগ নামৰূপ লালপাগুৰি ঘাটত এই বছৰো অতি উলহমালহেৰে উদযাপন কৰা হয়।

Advertisment

পূজা ভাগি সুচাৰুৰূপে উদযাপন কৰিবলৈ ৰাম নাৰায়ণ তেৱাৰীক সভাপতি হিচাপে লৈ গঠন কৰা উদযাপন সমিতিয়ে এইবাৰ অতি মনোৰমভাৱে ষঠ ঘাট সজাই পৰাই তোলে। সততে বিহাৰী সম্প্ৰদায়ৰ হিন্দু ধৰ্মালম্বী সকলে এই পূজা উদযাপন কৰে যদিও ক্ৰমাৎ এই পূজাভাগীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

২৮ অক্টোবৰত ষঠব্ৰত ধাৰণ কৰা সকলে স্নান কৰি আহাৰ গ্ৰহণ কৰাৰ পিছত ২৯ অক্টোবৰত খাৰণা পালন কৰে।  ইয়াৰ পিছত ৩০ অক্টোবৰত অস্তমিত সুৰুজক অৰ্ঘ্য প্ৰদান কৰি সোমাবাৰে পুৱা ষঠ ব্ৰতী সকলে নদীত স্নান কৰি উদিত সুৰুজক অৰ্ঘ্য প্ৰদান কৰি ব্ৰত উদযাপন কৰে।

উল্লেখযোগ্য যে উপবাসত ষঠ ব্ৰতী সকলে অতি কঠোৰ ছয়ত্রিশ ঘণ্টা নির্জলা ব্ৰত পালন  কৰে। নামৰূপ লাল পাগুৰি ঘাটত এইবাৰ ষঠ ব্ৰতী সকলৰ উপৰিও, মাৰোৱাৰী, অসমীয়া আদি বিভিন্ন জাতিৰ লোকে এই পূজাত অংশ গ্ৰহণ কৰা দেখা যায়। পূজা পৰিচালনা সমিতিয়ে পুৱা দহ হাজাৰ ভক্তৰ মাজত প্ৰসাদৰ টোপোলা বিতৰণ কৰে।

assam namrup sath puja