মূল্য বৃদ্ধি  প্ৰতিৰোধৰ দাবীত নামৰূপত আছুৰ প্ৰতিবাদ…

মূল্য বৃদ্ধি  প্ৰতিৰোধৰ দাবীত নামৰূপত আছুৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
মূল্য বৃদ্ধি  প্ৰতিৰোধৰ দাবীত নামৰূপত আছুৰ প্ৰতিবাদ…

প্ৰতিদিন সংবাদ, নামৰূপ : সম্প্ৰতি অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ সমান্তৰাল ভাৱে পেট্ৰ'ল জাতীয় সামগ্ৰী, গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীৰ  মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি দুপৰীয়া  নামৰূপ চহৰৰ মাজমজিয়াত  অসম চৰকাৰৰ  যোগান মন্ত্ৰী  ৰঞ্জিত দাসৰ  পুতলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই। 

জনসাধাৰণক কোঙা কৰা আকাশ  লঙ্ঘা মূল্য বৃদ্ধি ৰোধ কৰাৰ বিপৰীতে প্ৰতি দিনে  ডিজেল, পেট্ৰল, ৰন্ধন গেছ,   গৃহ নিৰ্মাণত ব্যৱহৃত  লোহা, ইটা বালি,চিমেণ্ট, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আদি সকলো বস্তুতে চৰকাৰে   প্ৰতিদিনে মূল্য বৃদ্ধি কৰি সৰ্ব সাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন সোধাইছে। 

তাৰ প্ৰতিবাদত সোমবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰ প্ৰাপ্ত সভাপতি  সত্য প্ৰতিম ৰাজপুত , সাধাৰণ সম্পাদক অসীম জ্যোতি ফুকনৰ নেতৃত্বত অৰ্ধ শতাধিক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  অসম চৰকাৰৰ  যোগান বিভাগৰ মন্ত্ৰীৰ পুতলিকা দাহ কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়  যে শাসনলৈ অহাৰ পূৰ্বে  বিজেপি চৰকাৰে মূল্যবৃদ্ধিক লৈ  ৰাইজৰ পক্ষত থাকি সমালোচনা কৰি  শাসনলৈ আহিল।

কিন্তু শাসনলৈ আহি বিজেপি নেতৃত্বাধীন চৰকাৰে  ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি পিঠি দি   সকলো সামগ্ৰীৰ অত্যাধিক দাম  বৃদ্ধি কৰি  ৰাইজক জ্বলা কলা খুৱাইছে।  অতি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস কৰিবলে দাবী জনোৱাৰ  লগতে অন্যথা  জংগী আন্দোলনৰ কৰাৰ হুংকাৰ দিয়ে আছুৱে।

assam namrup