নামৰূপৰ চাইক্য গাঁৱত থকা  শিল খাদানৰ পুখুৰী সমূহ  মৰণফাণ্ডত পৰিণত

নামৰূপৰ চাইক্য গাঁৱত থকা  শিল খাদানৰ পুখুৰী সমূহ  মৰণফাণ্ডত পৰিণত

author-image
asomiyapratidin
New Update
নামৰূপৰ চাইক্য গাঁৱত থকা  শিল খাদানৰ পুখুৰী সমূহ  মৰণফাণ্ডত পৰিণত

ডিজিটেল সংবাদ, নামৰূপ:  নামৰূপৰ চাইক্য গাৱঁত থকা  শিলৰ খাদানৰ বৃহৎ বৃহৎ পুখুৰীসমূহ  ক্ৰমে মৰণফাণ্ডত পৰিণত হৈছে।  সংস্কৃতিবান  কৃষি কৰ্মৰে সমৃদ্ধ  গাঁৱখনত  যেনি তেনি  শিল খান্দি   গাঁওখনৰ  ভিতৰ ফালে এক কদৰ্য  বিধস্ত  পৰিবেশত জীৱন নিৰ্বাহ কৰিছে গাঁও বাসীয়ে।

Advertisment

খৰালি ধূলিৰে ধূসৰ আৰু বাৰিষা সাগৰ সদৃশ হৈ পৰা  খাদানৰ মুকলি  পুখুৰী সমূহত বহু দুৰ্ঘটনা সংঘটিত হৈছে যদিও মুকলি মুৰীয়া ভাৱে থকা  উক্ত খাদানৰ পুখুৰী সমূহৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ খাদানৰ মালিক সকল অথবা সংশ্লিষ্ট বিভাগেও গুৰুত্ব আৰোপ নকৰাত ক্ৰমে  আতংকিত হৈ পৰিছে গাঁওবাসী এই বাৰো চাইক্য গাঁৱৰ  শিল খদান পৰি  এটি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত  শোকৰ ছাঁ পেলাইছে ।

গাপ দিবলৈ চেষ্টা কৰা ঘটনাটো সন্দৰ্ভত   শিশুটিৰ মাতৃৰ  পৰা  পোৱা ভাষ্য মতে যোৱা  দেওবাৰে  বিয়লি প্ৰায় পাঁচ বজাত দুটি সন্তানৰ মাতৃ ৰুণু খাৰীয়াৰ পুত্ৰ ৰাফেল খাৰীয়াই  (আঢ়ৈ বছৰ)  শৌচ কৰিব লগা বুলি  কৈ  ঘৰৰ পিছফালে যায়।  কিছুসময়ৰ পিছত মাতৃ ৰুণু খাৰিয়াই   ঘৰৰ পিছফালে গৈ পুত্ৰক নেদেখি   বিচাৰ খোছাৰ আৰম্ভ কৰে যদিও পুত্ৰক প্ৰত্যক্ষ নকৰি চিঞৰ বাখৰ কৰে। 

ওচৰ চুবুৰীয়া  সমন্বিত সকলোৱে বিচাৰ খোচাৰা কৰাৰ অন্তত ঘৰৰ পিছফালে থকা শিলৰ খাদানৰ পুখুৰীত শিশুটি ওপঙি থকা দেখি    শিশুটিক তৎক্ষণাত পানীৰ পৰা উদ্ধাৰ কৰি  চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।  ঘটনা সন্দৰ্ভত  নামৰূপ আৰক্ষীক  অৱগত কৰাত আৰক্ষী ঘটনা থলীত উপস্থিত হৈ  মৃত দেহ  সমজি লৈ পিছদিনা  মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পিতাললৈ  পঠায়। 

সম্প্ৰতি  চাহ পাত ছিঙি পেট  প্ৰবৰ্তন কৰা  মাতৃ  ৰুণু   খাৰীয়াই দুখত ভাগি পৰিছে।গাঁও খনৰ অধিক স্থানত শিল খান্দি  পুখুৰী সৃষ্টি কৰা  শিল ব্যৱসায়ী জনৈক্য  গগৈ নামৰ চাকৰিয়াল জনে  ঘটনা সন্দৰ্ভত গাপ দিবলৈ চেষ্টা কৰা বুলিহে একাংশই জানিবলৈ দিছে। 

উল্লেখযোগ্য যে পূৰ্বেও  খাদানৰ পুখুৰীত  পৰি কেইবাটিও  শিশু কিশোৰৰ প্ৰাণ  গৈছে  ।  উল্লেখৰ প্ৰয়োজন যে      শ শ বিঘা ভূমি  শিল খান্দি  গাঁও খনৰ বাট পথ আৰু পৰিৱেশ অবিশ্বাস্য ৰূপে বিধস্ত  হৈ পৰাৰ পিছতো সংশ্লীষ্ট বিভাগে চকু মুদা কুলিৰ ভাও ধৰাটো লক্ষণীয় বিষয় বুলি অভিহিত হৈছে। 

আৰু পঢ়ক: বি ভি এফ চি এলত চাকৰি…

assam namrup