Advertisment

৫ হেজাৰ ভকত বৈষ্ণৱৰ উপস্থিতিত নামৰূপত মৃদঙীয়া গায়ন-বায়ন সমাৰোহ...

নাহৰকটীয়া সমষ্টি ৰাইজ তথা নামৰূপবাসী ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্য্য সূচীৰে নামৰূপৰ  মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন তথা  

author-image
Asomiya Pratidin
New Update
পঁচিশ জোৰা গায়ন বায়নৰ  অংশ গ্ৰহণ

পঁচিশ জোৰা গায়ন বায়নৰ অংশ গ্ৰহণ Photograph: (পঁচিশ জোৰা গায়ন বায়নৰ অংশ গ্ৰহণ)

ডিজিটেল সংবাদ, নামৰূপঃ  নাহৰকটীয়া সমষ্টি ৰাইজ তথা নামৰূপবাসী ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্য্য সূচীৰে নামৰূপৰ  মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিবেশন তথা  মৃদঙ্গীয়া গায়ন-বায়ন সমাৰোহ খনি নামৰূপৰ ৰঙাগড়া গাঁৱত অনুষ্ঠিত  হয়।  পঁচিশ জোৰা গায়ন বায়নে অংশ  গ্ৰহণ কৰা  অনুষ্ঠানটোৰ  আঁত ধৰে - মৃদঙীয়া  গায়ন-বায়নৰ নামৰূপ আঞ্চলিকৰ সম্পাদক ভবেন গগৈয়ে  ।

Advertisment

পুৱা অনুষ্ঠানৰ আৰম্ভনিতে   অনুষ্ঠান প্ৰাংগনত  আধ্যাত্মিক নিয়ম নীতিৰে এক অস্থায়ী নামঘৰ স্থাপন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় পতাকা উত্তোলন । উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে    উদযাপন সমিতিৰ সভাপতি ভোলা গায়নে। ইয়াৰ সমান্তৰাল ভাবে ওঠৰ খন আঞ্চলিক  ওঠৰ গৰাকী বিশিষ্ট ব্যক্তিয়ে নিজ নিজ আঞ্চলিকৰ পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে  স্মৃতি তৰ্পণ কৰা হয়। দুপৰীয়া আৰম্ভ হয় মুকলি সভা।  

মুকলি সভা সভাপতিত্ব কৰে দিম্বেশ্বৰ ধাদুমিয়াই ।সভাখন  উদ্বোধন কৰে  নোমল চন্দ্ৰ গগৈয়ে। নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে কুসুম্বৰ টাইৰাই গগৈ । সভাৰ পিছতে   বিশিষ্ট  অতিথি হিচাপে  উপস্থিত থাকি 
গায়ন-বায়ন সমাৰোহৰ উদ্ধোধন  কৰে মোহন সোণোৱালে ,  বিশিষ্ট ব্যক্তি হিচাপে লোকলাল গগৈ 
আৰু জিলা সমিতিৰ  কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।  

লগতে উপস্থিত থাকে  গায়ন-বায়ন সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি ভোলা গায়ন ,সম্পাদক তিলক গগৈ ,সহ সম্পাদক বসন্ত গগৈ, আদিত্য গগৈ, বিতুল গগৈ, উপ সভাপতি সিমান্ত দুৱৰাকে আদি কৰি গাৱৰ ৰাইজসকল  উপস্থিত থাকে।

নামৰূপ